Minister ug brahma:
আদানি গ্ৰুপক বিটিআৰৰ পৰ্বতযোৰাত ৩০০০ বিঘা ভুমি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাপূৰ্ন পৰিৱেশক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই । বিটিআৰত উদ্যোগ প্ৰতিস্থা কৰি নিৱনুৱা সমস্যা দুৰ কৰাৰ কাৰনে বিটিচি প্ৰশাসনে চেষ্টা কৰি আছে । তেনে প্ৰেক্ষাপটত পৰ্বতযোৰাৰ চৰকাৰী ভুমিত আদানি গ্ৰুপক পাৱাৰ প্ৰজেক্ট স্থাপন কৰাৰ নামত চৰকাৰী ভুমি দিয়াৰ চিন্তাচৰ্চা কৰি আছে বিটিএডি প্ৰশাসনে । প্ৰতিবাদ কৰা লোক সকল চৰকাৰী ভুমিৰ বাসিন্দা । তেওলোকৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই । উদ্যোগ লাগিলে ভূমি দিবই লাগিব বুলিও কয়।
বাক্সা জিলাৰ খাৰুৱাত বৃহস্পতিবাৰে বিএল টি সংগ্ৰামত নিহত ছহিদ পৰিয়ালক ৫০ হাজাৰ আৰু এৱছুৰ ৩৩৩ টা ছহিদ পৰিয়ালক ৩ লাখ টকাৰ লগতে বড়ো সংগ্ৰামত নিৰ্যাতিত ৩০০ টা পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰে বিটিচি চৰকাৰে । বৃহস্পতিবাৰে বিটিআৰ চৰকাৰে মুঠ ৭২৪ টা পৰিয়ালক অনুদান বিতৰন কৰে ।