Minister ug brahma:বাক্সাৰ খাৰুৱাজানত এবছু আৰু বিএলটিৰ শ্বহীদ পৰিয়াললৈ বিটিচি চৰকাৰৰ চেক বিতৰণ কাৰ্যসূচী

আদানি গ্ৰুপক ভুমি হস্তান্তৰকৰাক লৈ মন্তব্য কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ,উদ্যোগ লাগিলে মাটি দিবই লাগিব

pramod boro

Minister ug brahma:

আদানি গ্ৰুপক বিটিআৰৰ পৰ্বতযোৰাত ৩০০০ বিঘা ভুমি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাপূৰ্ন পৰিৱেশক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মইবিটিআৰত উদ্যোগ প্ৰতিস্থা কৰি নিৱনুৱা সমস্যা দুৰ কৰাৰ কাৰনে বিটিচি প্ৰশাসনে চেষ্টা কৰি আছে । তেনে প্ৰেক্ষাপটত পৰ্বতযোৰাৰ চৰকাৰী ভুমিত আদানি গ্ৰুপক পাৱাৰ প্ৰজেক্ট স্থাপন কৰাৰ নামত চৰকাৰী ভুমি দিয়াৰ চিন্তাচৰ্চা কৰি আছে বিটিএডি প্ৰশাসনে । প্ৰতিবাদ কৰা লোক সকল চৰকাৰী ভুমিৰ বাসিন্দা । তেওলোকৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই । উদ্যোগ লাগিলে ভূমি দিবই লাগিব বুলিও কয়।

ADVERTISEMENT

বাক্সা জিলাৰ খাৰুৱাত বৃহস্পতিবাৰে বিএল টি সংগ্ৰামত নিহত ছহিদ পৰিয়ালক ৫০ হাজাৰ আৰু এৱছুৰ ৩৩৩ টা ছহিদ পৰিয়ালক ৩ লাখ টকাৰ লগতে বড়ো সংগ্ৰামত নিৰ্যাতিত ৩০০ টা পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰে বিটিচি চৰকাৰে । বৃহস্পতিবাৰে বিটিআৰ চৰকাৰে মুঠ ৭২৪ টা পৰিয়ালক অনুদান বিতৰন কৰে ।

Exit mobile version