Severe heat waves in Assam:ৰাজ্যত পাৰাস্তম্ভ উর্ধ্বমুখী, উত্তাপ স্বাভাৱিকতকৈ পাঁচ ডিগ্রী বৃদ্ধি

অসমৰ ভিতৰত সর্বাধিক উত্তপ্ত অঞ্চল মাজবাট

heat

Severe heat waves in Assam:

গ্ৰীষ্মৰ পাৰাস্তম্ভ ৰাজ্যত ক্রমে উর্ধ্বমুখী হৈছে। বিশেষকৈ যোৱা দুদিন পাহাৰীয়া জিলা তিনিখনক বাদ দি সকলো জিলাতে তাপমাত্ৰাৰ পৰিমাণ স্বাভাৱিকতকৈ ঊর্ধ্বত আছে। এই মাত্রা আগন্তুক ৪৮ ঘণ্টাত আৰু অধিক বৃদ্ধি হ’ব বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে। অসমত গ্রীষ্মৰ সময়ছোৱাত স্বাভাৱিক তাপমাত্ৰাৰ উর্ধ্বসীমা হ’ল ৩৫ ডিগ্রী চেলচিয়াছ। ৰাজ্যখনৰ অধিকাংশ জিলাতে তাপমাত্ৰাৰ পৰিমাণ স্বাভাৱিকতকৈ তিনি-পাঁচ ডিগ্রী চেলচিয়াছ বৃদ্ধি হয়। আনহাতে, জলবায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বেছি হৈ থকাত উত্তাপৰ অনুভৱ আৰু অধিক বেছি হয়। বুধবাৰে গুৱাহাটীত দিনৰ ভাগত উত্তাপৰ সৰ্বোচ্চ পৰিমাণ আছিল ৩৭.৩ ডিগ্রী চেলচিয়াছ। ডিব্ৰুগড়ত এই পৰিমাণ আছিল ৩৭.৭ ডিগ্রী চেলচিয়াছ। তেনেদৰে তেজপুৰত ৩৭.৫, শিলচৰত ৩৭, ধুবুৰীত ৩৬.১, যোৰহাটত ৩৭.৬ আৰু উত্তৰ লখিমপুৰত ৩৮ ডিগ্রী চেলচিয়াছ।

ADVERTISEMENT

ইপিনে, অঞ্চল ভিত্তিত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ তাপমাত্রা আছিল মাজবাটত। মাজবাটত এই পৰিমাণ আছিল ৩৮.৮ ডিগ্রী চেলচিয়াছ। তাৰ পাছতে চাপৰমুখত ৩৮.৬, ৰঙিয়াত ৩৭.৬, গুৱাহাটীত ৩৭.৪ আৰু লামডিঙতো ৩৭.৪ ডিগ্রী চেলচিয়াছ আছিল।

আজি ৰাজ্যৰ জিলাসমূহৰ ভিতৰত বতৰ অধিক উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা থকা জিলাকেইখন হ’ল- বাকসা, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, ডিমা হাছাও, শ্রীভূমি, হাইলাকান্দি আৰু কাৰ্বি আংলং। ইয়াৰ বিপৰীতে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু কাছাৰৰ বতৰ সম্পূৰ্ণ ফৰকাল হৈ থাকিব।

গতিকে এই জিলাকেইখনতো উষ্ণতাৰ প্ৰভাৱ থাকিব। আজি গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, শ্রীভূমি, হাইলাকান্দি, ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট আদি জিলাৰ কোনো কোনো অংশত বতাহৰ স’তে সাধাৰণ এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তাৰ পাছত আৰু ১৫ জুনলৈ ৰাজ্যৰ কোনো অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা নাই দিনৰ ভাগত গৰমৰ প্রকোপত গুৱাহাটীৰ দৰে ব্যস্ত মহানগৰৰ ৰাজপথো স্বাভাৱিক দিনতকৈ যথেষ্ট সেৰেঙা হৈ থাকে। গৰমৰ প্ৰকোপত বহু লোক অসুস্থ হৈ পৰিছে।

ইপিনে, উষ্ণতা বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্যত বিদ্যুতৰ চাহিদাও বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ নাটনিও বাঢ়িছে। সেয়েহে কামৰূপ মহানগৰক ধৰি নিৰ্দিষ্ট চাৰি-পাঁচখন জিলাৰ মুখ্য অঞ্চলত বিদ্যুৎ যোগান পাৰ্যমানে স্বাভাৱিক কৰি ৰখাৰ চেষ্টা চলোৱাৰ বিপৰীতে আন সকলো জিলাতে লোডশ্বেডিঙৰ মাত্রা বৃদ্ধি হৈছে। বৰপেটাকে ধৰি কে’বাখনো জিলাত ধাৰবাহিকভাৱে বিদ্যুৎ কর্তন হ’বলগীয়া সময়ো অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) এ ধার্য কৰি দিছে।

Exit mobile version