ATLU Protest in Tinsukia:
উৎকট গৰমকো নেওচি শুকুৰবাৰে অসম টি লেবাৰ ইউনিয়নৰ শতাধিক প্ৰতিবাদকাৰীয়ে তিনিচুকীয়াৰ সহ শ্ৰম আয়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰে ৷
দাইচাজান চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে অসম টি লেবাৰ ইউনিয়নে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ অভিযোগ দীৰ্ঘদিন ধৰি দাইচাজান চাহ বাগিছা কৰ্তৃপক্ষই বাগিছা খনৰ শ্ৰমিক সকলক তেওঁলোকৰ প্ৰাপ্য পৰা বঞ্চিত কৰি আহিছে ৷ এই সন্দৰ্ভত অসম টি লেবাৰ ইউনিয়নে বহুবাৰ বাগিছা কতৃপক্ষক অনুৰোধ কৰি অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত শুকুৰবাৰে সংগঠনটোৰ বেনাৰ শতাধিক শ্ৰমিক- কৰ্মচাৰীয়ে তিনিচুকীয়াৰ সহ শ্ৰম আয়ুক্ত কাৰ্যালয় চৌহদত অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ পিছত সহ শ্ৰম আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ শ্ৰম আয়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷