Air India Ahmedabad plane crashed into BJ Medical College hostel:দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে বি জে মেডিকেল কলেজত খুন্দিয়ালে অভিশপ্ত বিমানে

তিনি মহলাৰ পৰা জঁপিয়াই প্ৰাণৰক্ষা কে'বাজনৰ,গাৰ কঁপনি এতিয়াও আঁতৰা নাই !

ah 1

Air India Ahmedabad plane crashed into BJ Medical College hostel:

আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমানকোঠৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ পাঁচ মিনিট পাছতে এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্রীমলাইনাৰ বিমানখন স্থানীয় বি জে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসৰ অট্টালিকাত খহি পৰে। ফলত ছাত্রাৱাসত থকা কমেও পাঁচজন ছাত্র মৃত্যুমুখত পৰাৰ লগতে আন ৪০জন আহত হয়। ভয়ংকৰ ঘটনাটোত প্রাণ হেৰুওৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰকেইজনৰ চাৰিজন এমবিবিএছ আৰু এজন স্নাতকোত্তৰ মহলা (এমডি)ত অধ্যয়নৰত আছিল।

ADVERTISEMENT

বিমানখনে ছানাবাসত খুন্দা মৰাৰ সময়ত আবাসী ছাত্ৰসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল। তেনে অৱস্থাতে হুৰমূৰকৈ বিমানখন ছাত্ৰাৱাসৰ অট্টালিকাত খহি পৰে। আহতসকলক আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে চিকিৎসালয় চৌহদত হতাহতসকলৰ আত্মীয়-স্বজনে ইতিমধ্যে ভিৰ কৰিছে।

এই ভয়ংকৰ ঘটনা সম্পর্কত বি জে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ শ্যাম গোবিন্দই সংবাদ মাধ্যমৰ আগত কয়, ‘মই আৰু আমাৰ কনিষ্ঠ ছাত্রসকল আহত হৈছো। কমেও ৩০-৪০জন স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ আহত হৈছে। দুই-এজনৰ অৱস্থা অত্যন্ত সংকটজনক।’ একেদৰে ৰামিলা বানু নামৰ এগৰাকী মহিলাই কয়, ‘দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ছাত্ৰসকলে ছাত্রাবাসত উপস্থিত হোৱাৰ সময়ত ঘটনাটো সংঘটিত হয়। প্ৰাণৰ মমতাত একাংশ ছাত্রই তিনি মহলাৰ ওপৰৰ পৰা তললৈ জঁপিয়ায়।

‘মহিলাগৰাকীৰ পুত্ৰও এই ছাত্ৰসকলৰ মাজত আছে। কথমপি তেওঁৰ পুত্ৰৰ প্ৰাণৰক্ষা পৰে বুলি জানিবলৈ দি কয়, ‘আমাৰ পুত্ৰই দুপৰীয়াৰ আহাৰ গ্ৰহণৰ উদ্দেশ্যে ছাত্ৰাৱাসত উপস্থিত হোৱাৰ সময়ত বিমানখন ছাত্ৰাৱাসত ভাঙি পৰে। তিনি মহলাৰ ওপৰৰ পৰা তেওঁ জঁপিওৱাৰ বাবে কিছু আহত হয়। তেওঁৰ অৱস্থা বিপদমুক্ত।

আমি তেওঁৰ স’তে কথা পাতিছো। ‘বিমানখন ছাত্ৰাৱাসটোত খহি পৰাত তাত থকা কেন্টিনো বিধ্বস্ত হয়। এই কেণ্টিনতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ছাত্রসকল উপস্থিত হোৱাৰ সময়ত অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। কেণ্টিনৰ ভিতৰত থকা বহু বেঞ্চ ভাঙি চুৰমাৰ হয়। ভিতৰৰ বাচন-বৰ্তনকে ধৰি বিভিন্ন আচবাব সিঁচৰতি হৈ পৰে। ছাত্ৰসকলৰ মেছ সম্পূর্ণৰূপে তচনচ হয়। ভাঙি পৰে পকী দেৱালো।

সূত্রই জনোৱা মতে, এই ছাত্ৰাৱাসৰ আৱাসী চিকিৎসকসকলৰ বহুজনে আহমেদাবাদ অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়ায়। তেওঁলোকৰ অধিকাংশই ঘটনাটোত আহত হৈছে বুলি সূত্রই প্রকাশ কৰিছে। এই সম্পৰ্কত ছাত্ৰাৱাসৰ অন্যতম আৱাসী তথা এমবিবিএছ তৃতীয় বর্ষৰ ছাত্র শুভম গুপ্তাই সংবাদ মাধ্যমৰ আগত কয়, ‘বিমানখন ছাত্ৰাৱাসত ভাঙি পৰাত মই আঘাতপ্রাপ্ত হোৱা নাই; কিন্তু মোৰ অনেক সহকর্মী তথা কনিষ্ঠ চিকিৎসক আহত হৈছে। অনেক মৃত্যুমুখত পৰিছে।’ দুর্ঘটনাটোৰ পাছত ছাত্ৰাৱাসে চিকিৎসালয়ৰ ৰূপ লৈছে।

# আতংকত মূঢ় হৈ আছো: ছাত্র

এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্রস্ত বিমানখন বি জে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসত ভাঙি পৰা ঘটনাই আতংকত মূঢ় কৰি তুলিছে ছাত্ৰাৱাসৰ একাংশ আৱাসীক। মৃত্যুদূতৰূপী দুর্ঘটনাটোৰ সাক্ষী হৈ আতংকত ত্রস্ত হৈ থকা এমবিবিএছৰ ছাত্ৰ শুভমে লগতে কয়, ‘আমি ছাত্রাবাসত আছিলো। বহু ছাত্ৰৰ অৱস্থা ভয়-আতংকত শোচনীয় হৈছে। আমাৰ কঁপনি এতিয়াও দূৰ হোৱা নাই।

আমি ট্র’মাত আছো। ৰোগী চায়ো আছো।’ আহতসকলৰ বহুজনৰ অৱস্থা সুস্থিৰ হৈ আছে বুলিও তেওঁ জনায়। কিছু সময় কঁপি থকাৰ পছত তেওঁ কয় যে দুর্ঘটনাটোত কে’বাজনো মৃত্যুমুখত পৰিছে। লগতে তেওঁ কঁপা কঁপা মাতেৰে কয়, ‘আমি যি পাৰিছো, কৰিছো। দুর্ঘটনাটোত আমাৰ ছাত্ৰাৱাসৰ বিধ্বস্ত হ’ল। আমাৰ সহকর্মী আৰু কনিষ্ঠ কে’বাজনো আহত হৈছে।

Exit mobile version