Narendra Modi:ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ পাছত প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চলিত বছৰত কানাডাত অনুষ্ঠিত হৈছে জি-৭ সন্মিলন।
কিছুদিন পূৰ্বে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে মোডীক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।
এই বৈঠকত অংশগ্ৰহণৰ বাবে অহা ১৬ জুনত (সোমবাৰ) কানাডাৰ কানানাস্কিছত উপস্থিত হ’ব মোডী। বৈঠকত মোদীয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ স্থিতি দাঙি ধৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰে মোডীৰ বিদেশ ভ্ৰমণৰ সূচী। তাত দেখা গৈছে মোদীয়ে কানাডালৈ যোৱাৰ পূৰ্বে দেওবাৰে (১৫ জুন) ভূমধ্যসাগৰীয় দ্বীপ ৰাষ্ট্ৰ চাইপ্ৰাছ ভ্ৰমণ কৰিব। তাৰ পৰা সোমবাৰে কানাডালৈ ৰাওনা হ’ব। বুধবাৰ (১৬ জুন)লৈ কানাডাত থাকিব প্ৰধানমন্ত্ৰী।
বৃহস্পতিবাৰে (১৮ জুন) মধ্য আৰু দক্ষিণ-পূব ইউৰোপৰ এখন দেশ ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণলৈ আহিব তেওঁ।
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সামৰিক অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ পাছত মোডীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। গতিকে, এই ভ্ৰমণৰ সময়ত মোদীয়ে কি বাৰ্তা দিয়ে সেইয়া হ’ব লক্ষ্যণীয়।