Ahmedabad plane crash:বিমানখন দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো এই দুৰ্ঘটনাৰ কাৰণ স্পষ্ট হোৱা নাই। অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক সংস্থা ডিজিচিএই জনাইছে যে,বিমানখনৰ ইঞ্জিনত চৰাইৰ খুন্দাৰ বাবেই এই “দুৰ্ঘটনা”। অৱশ্যে বিশেষজ্ঞসকলে মতে এই বাস্তৱ পৰিস্থিতিত সেই দাবীৰ স’তে কোনো মিল নাই।
সম্প্ৰতি এই ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিত বিমান পৰিবহণ মন্ত্ৰালয়ে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে। একে সময়তে বিমান ৰক্ষণাবেক্ষণৰ নিয়মো সলনি হ’ব পাৰে বুলিও অনুমান কৰা হৈছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শনিবাৰে নিশা এক্স হেণ্ডলত উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত ঘোষণা কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰধান সচিবৰ নেতৃত্বত গঠিত এই কমিটীৰ ভিতৰত আছে আহমেদাবাদ আৰক্ষী আয়ুক্ত, বায়ুসেনাৰ ডি জি, অসামৰিক বিমান পৰিবহণ, ২০১৯ৰ ডি জি,ফৰেনছিক বিষয়া আৰু আই বিৰ বিশেষ সঞ্চালকক লৈ গঠিত এই কমিটীয়ে বিমান দুৰ্ঘটনাৰ তদন্ত কৰাৰ লগতে বিমান ৰক্ষণাবেক্ষণৰ বাবে এছ অ’ পি বা মানক পৰিচালনা পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে নে নাই সেয়াও পৰীক্ষা কৰিব।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এই সমিতিখনে স্বতন্ত্ৰভাৱে কাম কৰিব বুলি জানিবলৈ দিয়ে।আন কোনো তদন্ত সমিতিয়ে এই কামত হস্তক্ষেপ নকৰে।
দুৰ্ঘটনাস্থলী মেঘনিনগৰৰ চিকিৎসক হোষ্টেলৰ ছাদৰ পৰা ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ক’লা বাকচ উদ্ধাৰ কৰা হৈছে। যিটো বৰ্তমান এন এছ জিৰ অধীনত আছে। ব্লেক বক্সৰ পৰা তথ্য বিশ্লেষণ কৰিলে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণৰ সূত্ৰ পোৱা যাব।
আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনস্থ ডিজিচিএ আৰু বিমান দুৰ্ঘটনা তদন্তকাৰী ব্যুৰো (এএআইবি)য়ে পৃথকে পৃথকে তদন্ত কৰিছে।
আমেৰিকা চৰকাৰৰ নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ড (এনটিএছবি) আৰু ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে (এফএএ) যৌথভাৱে আমেৰিকাৰ পৰা এই তদন্তত সহায় কৰিছে। বয়িং আৰু জি ই এৰ’স্পেছে এই তদন্তত কাৰিকৰী সহায়ৰ প্ৰতিশ্ৰুতি দিছে।
উল্লেখ্য যে, দুৰ্ঘটনাৰ আগৰ কেইটামান মুহূৰ্তত এআই-১৭১ বিমানখনৰ পাইলটৰ শেষ কথা এতিয়া তদন্তৰ কেন্দ্ৰবিন্দু। ৰাণৱেৰ পৰা উৰণৰ ঠিক পিছতেই পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)লৈ ‘মেডে’ বাৰ্তা প্ৰেৰণ কৰে।