Vijay Rupani:আহমেদাবাদত সংঘটিত হোৱা ভয়ানক বিমান দুৰ্ঘটনাত এজন যাত্ৰীৰ জীৱন ৰক্ষা পৰাৰ বিপৰীতে বাকী ২৪১জনেই মৃত্যুক সাৱটি লয়।
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি বিমানখনত থকা ২৪১ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়।
যোৱা ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ উদ্দেশ্যে এয়াৰ ইণ্ডিয়াৰ ৭৮৭-৮ ড্ৰিমলাইনাৰত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী।
কিন্তু বিজয়ৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ১২ তাৰিখে লণ্ডন ভ্ৰমণ তেওঁৰ প্ৰথম পছন্দ নাছিল।
তথ্য অনুসৰি,বিজয়ে লণ্ডনত পত্নী আৰু কন্যাক লগ কৰিবলৈ এই টিকট বুকিং কৰাৰ পূৰ্বে আৰু দুখন টিকট বাতিল কৰিছিল। যোৱা ১৯ মে’ত লণ্ডন ভ্ৰমণৰ প্ৰথমখন টিকট বুকিং কৰিছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
সেই টিকট বাতিল কৰি তেওঁ চলিত মাহৰ পাঁচ তাৰিখে দ্বিতীয়খন টিকট কাটে। কিন্তু কিবা কাৰণত সেই টিকটটোও বাতিল কৰা হ’ল।
ইয়াৰ পাছত বিজয়ে এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানত টিকট কাটিলে।এই অভিশপ্ত বিমানখন উৰণৰ কেইছেকেণ্ডমানৰ ভিতৰতে দুৰ্ঘটনাপতিত হয়।
বিমান দুৰ্ঘটনাত ২৪১জন যাত্ৰীৰ মৃত্যু হয়। যাৰ ভিতৰত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়।






























