11A Mystery:আহমেদাবাদৰ ভয়াবহ বিমান দুৰ্ঘটনাত অবিশ্বাস্যভাৱে ৰক্ষা পৰিছে ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বকুমাৰ ৰমেশ। তেওঁ আছিল ১১এ চিটত যাত্ৰী। তেওঁৰ টিকটৰ ছবিখন কাৰ্যতঃ ভাইৰেল হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে পুনৰ আহিছে আন এক ইতিহাস।
প্ৰসংগত,২৭ বছৰ পূৰ্বে বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল থাইলেণ্ডৰ এজন অভিনেতা। তেওঁৰ টিকট নম্বৰটোও আছিল ১১এ!
এইদৰেই ডেৰ দশকৰো অধিক সময়ৰ ব্যৱধানত থকা দুই সময় বিন্দুই এই দৰে দুই বিমান দুৰ্ঘটনা, দুজন ভাগ্যৱান মানুহ আৰু একে সংখ্যাৰ এখন আসনৰ সংযোগ ঘটালে।
যিয়ে দেখুৱাইছে যে বাস্তৱ জীৱনত লুকাই থকা ৰহস্যবোৰ কল্পকাহিনীৰ ৰহস্যতকৈ কম নহয়।
১৯৯৮ চনৰ ১১ ডিচেম্বৰত থাই এয়াৰৱেজৰ টি জি ২৬১ বিমানখনৰ যাত্ৰী আছিল ২০ বছৰীয়া ৰুৱাংছাক লয়চুৱাছাক ।দক্ষিণ থাইলেণ্ডত অৱতৰণ কৰাৰ সময়ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
দুৰ্ঘটনাটোত ১৪৬ জন যাত্ৰীৰ ভিতৰত ১০১ জন যাত্ৰীৰে মৃত্যু হয়। কিন্তু ৰুৱাংছাক জীৱিত থাকে। ইমান বছৰৰ মূৰত বিশ্বকুমাৰ ৰমেশৰ অবিশ্বাস্য উদ্ধাৰৰ কথা জানিব পাৰি তেওঁ ফেচবুকত পোষ্ট কৰে।
তেওঁ লিখিছে, “ভাৰতত বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা এজন ব্যক্তি ।তেওঁ একেই অসমতে বহিছিল মোক দৰে। ১১এ।”
৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে জনাইছে, খবৰটো শুনি কাৰ্যতঃ তেওঁ ৰোমাঞ্চিত হয়। নিমিষতে ২৭ বছৰ আগতে এৰি থৈ যোৱা অতীতটো সজীৱ হৈ উঠিল।
উল্লেখ্য যে,৪৫ বছৰীয়া বিশ্বকুমাৰ ১১এ চিটত বহিছিল। মুঠ ২৪২ জন যাত্ৰী আৰু ক্ৰুৰ ভিতৰত তেওঁ একমাত্ৰ জীৱন্ত ব্যক্তি। আন এটা শাৰীত বহি থকা তেওঁৰ সহযাত্ৰী তথা ভাতৃ অজয় কুমাৰ ৰমেশৰো এই দুৰ্ঘটনাত মৃত্যু হয়।