Child Death:
ঢেকিয়াজুলিৰ চিৰাজুলিত কৰুণ ঘটনা ৷ শোকস্তব্ধ মোলানপুখুৰী গাওঁ ৷ দুটি কন্যা শিশু পুখুৰীত পৰি কৰুণ মৃত্যুক আকোঁৱালি ল’লে ৷ দুৰ্ভগীয়া শিশু দুটিৰ নাম প্ৰিয়কা খোদাল (৪)নন্দিনী খোদাল (৫)৷
ADVERTISEMENT
ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰত খেলি থকা অৱস্থাতে পুখুৰীত পৰি দুই কন্যা শিশুৰ সলিল সমাধি ঘটে ৷ অভিভাৱকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই দুই কন্যা শিশুৱে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয় ৷
উল্লেখ্য যে ,ঘৰৰ কাষতে থকা পুখুৰীত দিয়া নাছিল কোনো বেৰ ৷ ঘটনাৰ সময়ত এটা শিশুৰ অভিভাৱক নাছিল ৷ সলিল সমাধি ঘটা দুই কন্যা শিশুৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷