Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ

গছ সুৰক্ষাৰ দাবীত গীত গাই শিক্ষাৰ্থীৰ প্ৰতিবাদ

publisher by publisher
June 9, 2025
in Assam, News
Reading Time: 1 min read
0
নিশাৰ আন্ধাৰত হত্যা দীঘলীপুখুৰীৰ গছ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

উন্নয়নৰ নামত প্ৰকৃতিৰ ধ্বংসযজ্ঞৰ বিৰুদ্ধে দীঘলীপুখুৰীৰ পাৰত অব্যাহত আছে শিক্ষার্থী আৰু সচেতন নাগৰিকৰ প্ৰতিবাদ। আজিও কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়কে ধৰি কে’বাখনো শিক্ষানুষ্ঠানৰ শিক্ষার্থীয়ে দীঘলীপুখুৰীৰ পাৰত সমৱেত হৈ গছ কটাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে প্রতিবাদী শিক্ষার্থীসকলে ‘আহ আহ ওলাই আহ…’, ‘আমি হ’ম হ’মেই সফল…’, ‘আজাদী..’ আদি গীত গাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হয়। আনকি প্রতিবাদী শিক্ষার্থীসকলে মুখ্যমন্ত্ৰীয়ে সাত মাহৰ পূৰ্বে লিখা এটা টুইটৰ প্ৰসংগ উল্লেখ কৰি টুইটটো মনত আছে নে নাই বুলি প্রশ্ন কৰে।

ADVERTISEMENT

উল্লেখ্য যে নুনমাটি-দীঘলীপুখুৰী সংযোগী নির্মীয়মাণ উৰুণীয়া সেতুখনৰ বাবে ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ শতিকা পুৰণি বহু গছ কাটি পেলাবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰৱল জনমত গঢ়ি উঠিছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এক টুইটৰ জৰিয়তে গছসমূহ কটা নহয় বুলি কৈছিল।

লগতে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগতো মন্তব্য কৰি কৈছিল, ‘যিহেতু মই টুইটত কথা দিলো যে গছকেইডাল নাকাটো আৰু বিপ্লান্টও নকৰো। উৰুণীয়া সেতুখনৰ নক্সা আজি সলনি কৰি দিয়া হ’ল।’ সাত মাহৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতে আমবাৰীৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈকে থকা গছসমূহ স্থানান্তৰকৰণ সিদ্ধান্ত গ্রহণ হয় আৰু শেহতীয়াকৈ এই প্রক্রিয়া অব্যাহত আছে। কিন্তু স্থানান্তৰকৰণৰ নামত গছসমূহৰ ডাল-পাত কাটি পেলোৱাৰ পাছতে ইয়াৰ বিৰুদ্ধে পুনৰ তীব্র প্রতিবাদৰ জোৱাৰ উঠে।

কালি শিক্ষার্থীসকলে পুনৰ ‘উন্নয়নৰ নামত গছ কটা বন্ধ কৰক’, ‘যদি গছ নাথাকে, উন্নয়ন কাৰ। যদি মানুহ নাথাকে, বিকাশ কাৰ।’ শীর্ষক শ্ল’গানৰে এক প্রতিবাদী সমদল উলিয়াব বিচাৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত দীঘলীপুখুৰীৰ পাৰতে গীত গাই প্রতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীয়ে সাত মাহৰ পূৰ্বে কৰা মন্তব্যক সোঁৱৰাই দিয়ে।

প্রতিবাদত অংশ লোৱা উৎপলা দাসে কয় যে তেওঁলোকে প্রতিবাদী কার্যসূচী নহয়, সজাগতামূলক কাৰ্যসূচীহে গ্রহণ কৰিছিল; কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্রদান কৰে। তেওঁ কয়, ‘পদপথৰ ওপৰেৰে হাতত প্লে-কার্ড লৈ গছ কিয় কাটিব নালাগে, তাৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আমি খোজকাঢ়ি ছাত্রাবাসসমূহলৈ যোৱাৰ কথা আছিল। আৰক্ষীয়ে আমাক খোজ কাঢ়ি যাবলৈও দিয়া নাই আৰু বহিবলৈও দিয়া নাই। চৰকাৰখনে গছ কাটি উশাহ বন্ধ কৰিছে আৰু কাইলৈ জীয়াই থাকিবলৈও হয়তো নিদিব।’

কে’বাগৰাকী প্রতিবাদী ছাত্রীয়ে কয়, ‘মুখ্যমন্ত্রীৰ টুইটটো মনত আছে নে নাই, যদি মনত আছে গছসমূহ কিয় কটা হৈছে। গছসমূহ দিনৰ পোহৰত সকলোকে দেখাই কাটক, নিশাৰ আন্ধাৰত কিয় চোৰৰ দৰে গছ কাটিছে। কোনখন গণতান্ত্রিক দেশত আমি আছো?’

নিশাৰ আন্ধাৰত চোৰ-ডকাইতৰ দৰে দীঘলীপুখুৰী পাৰৰ গছকেইজোপা হত্যা কৰা হ’ল

ইফালে, ৰাইজৰ স্বাৰ্থক অবজ্ঞা কৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ গছসমূহ কাটি পেলোৱা কাৰ্য স্বৈৰতান্ত্রিক বুলি কয় কে’বাজনো সচেতন নাগৰিকে। দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতাৰে আজি বিশিষ্ট বুদ্ধিজীবী ড° হীৰেন গোহাঁই, দীনেশ চন্দ্র গোস্বামী, অপূর্ব কুমাৰ বৰুৱা, জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰকে ধৰি বহুকেইজন বিশিষ্ট নাগৰিকে এক সংবাদমেল চৰকাৰৰ বিৰুদ্ধে সৰৱ হয়।

ড° গোহাঁয়ে কয়, ‘জণগনৰ স্বার্থ, জনতাৰ অধিকাৰ সকলো ভৰিৰে মোহাৰি এই কাম কৰা হৈছে। এনেকৈ থাকিলে এদিন এনে দিন আহিব যে কাক ঘৰৰ পৰা টানি উলিয়াই লৈ গৈ ক’ত কি দণ্ড দিয়ে, হত্যা কৰে তাৰো কোনো হিচাপ নোহোৱা হ’ব।’ চৰকাৰক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ দিয়া হয়, তাৰ ফল কেতিয়াও শুভ নহয় বুলি ড° গোহাঁয়ে মন্তব্য কৰি পুনৰ কয়, ‘পূর্বেই ইয়াৰ প্রতিবাদ হ’ব লাগিছিল। এতিয়া শুভ লক্ষণ যে ৰাইজ ওলাই আহিছে। দীঘলীপুখুৰী এখন ঐতিহ্যমণ্ডিত ঠাই। দীঘলীপুখুৰীক শোভাবর্ধন কৰি থকা, প্রদুক্ষণ মুক্ত কৰি থকা গছসমূহ হঠাতে কাটি পেলোৱা হ’ল। কি কাৰণে কাটি পেলোৱা হ’ল, উৰণীয়া সেতুৰ কাৰণে নে আন কিবা কাৰণে, বাইজে নাজানিলো। জানিবলৈ নিদিয়াৰ কাৰণ হয়তো অভিপ্রায়টো শুভ নহয়। ধনৰ লোভত বা অন্য কিবাৰ স্বার্থত এই কাম কৰিছে।’ প্রতিবাদক লৈ চৰকাৰ কিয় ইমান শংকিত হৈছে বুলিও তেওঁ প্রশ্ন তুলি প্রতিবাদ মষিমুৰ কৰিবলৈ বিভিন্ন কৌশল অবলম্বন কৰিছে বুলি অভিযোগ কৰে।

তেওঁ পুনৰ কয়, ‘গছ এজোপা উভালি পোলোৱাৰ পাছত গছজোপা অতি দুর্বল হৈ যায়। দুদিনমান পেলাই ৰাখিলে মৰিয়েই যায়। তাতে ইমান প্রচণ্ড ৰ’দত ডাল-পাত কাটিলেও গছজোপা দুর্বল হৈ যায়। এনে বহু কাৰণ আছে; কিন্তু সকলো আওকাণ কৰি এফালৰ পৰা কাটি গৈছে। স্থানান্তৰ কথাটো কোনোপধ্যে গ্রহণযোগ্য নহয়।’ একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বৰঠাকুৰে কয়, ‘বাতিৰ আন্ধাৰত চোৰ-ডকাইতৰ দবে ববীন্দ্র ভৱনৰ সম্মুখৰ গছকেইজোপা হত্যা কৰা হ’ল। উচ্চ ন্যায়ালয়ত চৰকাৰে যি শপতনামা দাখিল কৰিছিল তাৰ সাত নম্বৰ অধ্যায়ত স্পষ্টকৈ উল্লেখ কৰিছিল যে দীঘলীপুখুৰীৰ পাৰত থকা কোনো গছ কোনো প্ৰকাৰে ক্ষতি নহ’ব। তাৰ পাছত আদালতক অবমাননা কৰি চৰকাৰখনে এই কাণ্ড কৰিলে। এই বিষয়টো উচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে। চৰকাৰে যেতিয়া শপতনামা এখন দি এই কথাটো ক’ব আৰু কৈ তাৰ পাছতে উলংঘা কৰিব; তাৰমানে এইখন চৰকাৰৰ শাসন আইনৰ ওপৰত, সংবিধানৰ ওপৰত অকণো আস্থা নাই। যি ইচ্ছা তাকে কৰিব খোজে।’ উল্লেখ্য যে দীঘলীপুখুৰীৰ প্রাকৃতিক পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত সময় থাকোতে স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনাইছে সচেতন নাগৰিক সমাজে।

কমিচনৰ অংকত প্রকৃতি ধ্বংসত হাত উজান দিয়াৰ অভিযোগ অজাপৰ

আনহাতে, দিনৰ পোহৰত বৃক্ষৰোপণৰ নাটক ৰচি চৰকাৰে নিশাৰ অন্ধকাৰত অবাধে গছ কাটি প্রকৃতি ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ তুলি চৰকাৰক দুমুখীয়া নীতি বন্ধ কৰিবলৈ দাবী জনাইছে অসম জাতীয় পৰিষদে। এক প্রেছ বার্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই উল্লেখ কৰিছে যে মূলতঃ কমিচনৰ অংকত অবিজ্ঞানসম্মত নির্মাণকার্যত হাত উজান দিয়া ড° শৰ্মা চৰকাৰে অসমৰ পৰিৱেশ তন্ত্রক সুৰক্ষিত কৰিব পৰা নাই, বৰঞ্চ প্রকৃতি ধ্বংস কৰাতহে আগভাগ লৈছে।

কেৱল সেয়াই নহয়, চৰকাৰৰ প্রকৃতিবিৰোধী কার্যকলাপৰ বিৰুদ্ধে প্রতিবাদ কৰা লোকৰ ওপৰত পুলিচী নির্যাতন চলাই ৰাজ্য চৰকাৰে নিজৰ স্বেচ্ছাচাৰী চৰিত্ৰ উদঙাই দিছে। নেতাদ্বয়ে লগতে কয়, ‘দীঘলীপুখুৰীত পূর্বে ৰাইজৰ প্ৰতিবাদৰ ৰূপ দেখি গছ কটা নহয় বুলি স্বয়ং মুখ্যমন্ত্রীয়ে ৰাজহুৱা প্রতিশ্রুতি দিছিল। ৰাইজেও মুখ্যমন্ত্ৰীক ভৰসা কৰি প্ৰতিবাদ প্রত্যাহাৰ কৰে। তাৰ কিছুদিনৰ পাছতে সংবাদ মাধ্যমক মাতি আনি কেমেৰাৰ সম্মুখত আমবাৰীৰ দুই-এজোপা গছ শিপা-মাটিৰে স’তে উভালি অন্য ঠাইত নি ৰোপণ কৰি গছ কটা নহয়, স্থানান্তৰহে কৰা হৈছে বুলি ৰাইজক দেখুৱাবলৈ এখন নাটক মঞ্চস্থ কৰে।’ চৰকাৰী নাটকখনক ৰাইজে গছ কটাৰ বিজ্ঞানসম্মত বিকল্প পদক্ষেপ বুলি ভাবি স্বস্তিব নিশ্বাস পেলোৱাৰ মাজতে যোৱা শুকুৰবাৰে আৰু শনিবাৰে গভীৰ নিশা ৰাইজৰ অজ্ঞাতে আমবাৰীৰ গছ কাটি পুনৰ প্ৰকৃতি ধ্বংসৰ অভিযান পুনৰ আৰম্ভ কৰে বুলি মন্তব্য কৰি তেওঁলোকে কয়, ‘উক্ত কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা যুৱক-যুৱতীসকলক আটক কবি নি বন্দী কৰি থোৱাৰ দৰে দমনমূলক কার্যত চৰকাৰ লিপ্ত হয়। এফালে মুখ্যমন্ত্রীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিজৰ মাতৃৰ নামত গছ ৰোপণ কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু আনহাতে গছ কটাৰ বিৰোধিতা কৰা ৰাইজৰ ওপৰত তেওঁৰে গৃহ বিভাগে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলোবায়।

মুখ্যমন্ত্রীৰ দৰে মর্যাদাশীল আসনত বহি থকা ব্যক্তিৰ এনে দুমুখীয়া চৰিত্ৰ নিন্দনীয় আৰু হতাশাজনক। উৰণীয়া সেতু নির্মাণৰ কমিচনৰ অংকত দিছপুৰে গ্ৰহণ কৰা এনে দুমুখীয়া, দমনমূলক, জনবিৰোধী পদক্ষেপক ধিক্কাৰ জনাইছো আৰু তৎকালে প্রকৃতি ধ্বংসকাৰী সকলো পদক্ষেপ বন্ধ কৰিবলৈ দাবী জনাইছো।

প্রতিবাদী শিক্ষার্থীক আটক কৰা ঘটনা ইলোৰা বিজ্ঞান মঞ্চৰ গৰিহণা

ইফালে, গছ কটাৰ বিৰোধিতাৰে শুকুৰবাৰে নিশা প্রতিবাদ সাব্যস্ত কৰা শিক্ষার্থীক আটক কৰা ঘটনাক গৰিহণা প্রদান কৰিছে ইলোৰা বিজ্ঞান মঞ্চই। এক প্রেছ বার্তাত মঞ্চৰ সভাপতি ড° কালী প্রসাদ শর্মা আৰু সাধাৰণ সম্পাদক কমলেশ গুপ্তই সদৰী কৰিছে যে যি সময়ত জলবায়ুৰ ভয়াৱহ পৰিৱৰ্তন আৰু বর্ধিত তাপমাত্রাই মানুহৰ জীৱন অতিষ্ঠ কৰি তুলিছে, সেই সময়ত গছ কটাটো দুর্ভাগ্যজনক।

মাথোঁ এদিন আগতে বিশ্ব পৰিৱেশ দিৱসত ৰাজ্যৰ চৌদিশে ছাত্র-ছাত্রী তথা ৰাইজে পৰিৱেশ সংৰক্ষণৰ সংকল্প লৈছে আৰু বৃক্ষৰোপণ কৰিছে। বহু ঠাইত চৰকাৰে এনে উদ্যোগত অংশ লৈছে। বিপৰীতে গছ কটাৰ বিৰোধিতা কৰা শিক্ষার্থীক আৰক্ষীয়ে আটক কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই প্রকৃতিপ্রেমীসকলৰ এনে অন্যায় আটক কার্যক তীব্র গৰিহণা দিছে।

লগতে প্রশাসনক ৰাজহুৱা স্বার্থত আগবাঢ়ি অহা স্বেচ্ছাসেবীসকলৰ বিৰুদ্ধে গ্রহণ কৰা সকলো দমনমূলক ব্যৱস্থা প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDigholi PukhuriTree
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d