Nine people died in the heat wave in Assam:
উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ বিগত তিনিটা দিনত প্ৰচণ্ড গৰমৰ বাটে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে ৷ এইকেইটা দিনত প্ৰচণ্ড গৰমত গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও নজন লোকে প্রাণ হেৰুৱায়। বিগত দিনসমূহত পাৰাস্তম্ভ স্বাভাৱিকতকৈ কমেও সাত ডিগ্রী অধিক হৈছে। মৌচুমীৰ প্ৰৱেশ ঘটিলেও অসমকে ধৰি সমগ্ৰ উত্তৰ-পূর্বাঞ্চলকে এক খৰাংসদৃশ পৰিস্থিতি, উচ্চ মাত্ৰাৰ আৰ্দ্ৰতা আৰু বাতাবৰণৰ বর্ধিত তাপমাত্ৰাৰ বাবে উৎকট গৰম অনুভূত হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি আৰম্ভ হ’ল বৰষুণ ৷ উৎকট গৰমৰ মাজতে অৱশেষত স্বস্তিৰ নিশ্বাস ৷ গুৱাহাটী সহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ল বৰষুণ ৷ শনিবাৰে দুপৰীয়া দিয়া এজাক মুষলধাৰ বৰষুণে শাত পেলাই মহানগৰবাসীক ৷ বাতৰি যুগুত কৰা লৈকে অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷
আন তাপমাত্ৰাই ৰাজ্যৰ বিভিন্ন স্থানত ৩৮ ডিগ্রী স্পৰ্শ কৰিছে। শুক্ৰবাৰে দিনটোত মহানগৰীৰ পৰা আৰম্ভ কৰি বঙাইগাঁও, ডুমডুমা, ধেমাজি, নাৰায়ণপুৰত কে’বাজনো লোকৰ উৎকট গৰমৰ বাবে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। একেদৰে ডিব্ৰুগড়ত পাঠদানৰ মাজতে দুজন ছাত্র-ছাত্রী ঢলি পৰি আইচিইউত চিকিৎসাধীন হ’ব লগা হৈছে।
প্রাপ্ত তথ্য অনুসৰি নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ ফ’ৰেষ্ট গেটৰ কৈলাশ নগৰত ঘৰৰ ভিতৰৰ পৰা শোভন বড়ো (৫০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। গৰমৰ বাবে লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্রকাশ কৰে। ঘৰৰ পৰা দুৰ্গন্ধ বিয়পাৰ পাছত আৰক্ষীক স্থানীয় লোকে অৱগত কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, অকলশৰীয়া লোকজনে বিগত কমেও ২০ বছৰ ধৰি অঞ্চলটোৰ নিৱাসী। এটা পৰিত্যক্ত ঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে সদৰী কৰে। গণেশগুৰিতো আৰক্ষীয়ে গাড়ীচালক এজনৰ মৃতদেহ উদ্ধাৰ কৰে। গুল মহম্মদ আলী নামৰ লোকজনে আজিও কর্তব্যলৈ অহাৰ পাছতে হঠাতে অসুস্থ অনুভৱ কৰে। চাহ খাবলৈ এখন হোটেলত যোৱাৰ পাছত তেওঁ তাতে ঢলি পৰে। গুল মহম্মদে আৰক্ষীৰ গাড়ী চলাইছিল, তেওঁ আছিল এজন ব্যক্তিগত গাড়ীচালক। পৰিয়ালৰ লোকে জনোৱা মতে, উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছিল মৃত গুল মহম্মদ। গৰমৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। মৃতদেহ গণেশগুৰিৰ এখন হোটেলৰ পৰা উদ্ধাৰ কৰা হয়।
ইপিনে, বঙাইগাঁৱৰ ২২ নম্বৰ ৱাৰ্ডৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপতে এটা মৃতদেহ উদ্ধাৰ হয় যদিও চিনাক্ত হোৱা নাই। ডুমডুমাৰ সুৰেন চানু (৫৮) নামৰ শ্রমিকজনে বাগিচাত কাম কৰি থাকোতে অচেতন হৈ পৰে আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। তীব্ৰ গৰমত চানুৱে তাৰা টি স্টেটৰ কাম কৰি থকাৰ সময়তে এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। প্রচণ্ড গৰমৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। একেদৰে লখিমপুৰৰ নাৰায়ণপুৰত গৰমৰ ফলত ৰাম দত্ত নামৰ লোকজনে মৃত্যুক সাবটি লয়। মৃত লোকজন অসম-অৰুণাচল সীমান্তৰ কল্যাশপুৰ গাঁৱৰ বাসিন্দা।
ইপিনে, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিজ্ঞান ফুকন নামৰ ছাত্ৰজনৰো গৰমৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
ইপিনে, ডিব্ৰুগড়ত গ্রীষ্ম দহন সহ্য কৰিব নোৱাৰি কে’বাগৰাকী ছাত্র-ছাত্রী শিক্ষানুষ্ঠানতে ঢলি পৰে। ডিব্ৰুগড়ৰ কে’বাখনো শিক্ষানুষ্ঠানত এই ঘটনা সংঘটিত হয়। সম্প্রতি আইচিইউত দুগৰাকী চিকিৎসাধীন হৈ আছে। তথ্য অনুসৰি ডিব্ৰুগড়ৰ বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ দশম শ্ৰেণীৰ তিনিগৰাকী, জ্ঞান-বিজ্ঞান একাডেমীৰ এগৰাকী আৰু আৰ কে একাডেমীৰ তিনিগৰাকীসহ কে’বাগৰাকীও অসুস্থ হৈ পৰে।
সৰস্বতী শিশু মন্দিৰত দুগৰাকী বর্তমানে ডিব্ৰুগড়ৰ শংকৰদেৱ হাস্পতালৰ আইচিইউত জৰুৰীকালীন অক্সিজেন দি ৰখা হৈছে। ৰাজ্যৰ ভিতৰতে সর্বাধিক তাপমাত্রাই দহা ডিব্ৰুগড়ত বাহিৰ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টিৰ পাছতো শিক্ষা বিষয়া সমীৰণ বৰাই কোনো ধৰণৰ নির্দেশনা দিয়া নাছিল। ফলত এতিয়া কে’বাগৰাকী শিক্ষার্থী জীৱন মৰণৰ সমস্যাৰ স’তে যুঁজিব লগা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইপিনে, এই ঘটনাৰ পাছত থৰকাচুটি হেৰুৱাই শিক্ষা বিষয়া বৰাই বিদ্যালয়সমূহৰ সময় আগুৱাই দিয়ে।