New born baby: টীয়কত নিশা উদ্ধাৰ এটি ২৫ দিনীয়া দেৱশিশু

দেৱশিশুটিক তুলি লোৱা সন্তানহীন দম্পতীৰ বাসগৃহৰ পৰা উদ্ধাৰ নৱজাতকটিক

teok

New born baby:

এটি দেৱশিশুক তুলি লৈ বিপদত টীয়কৰ এক সন্তানহীন দম্পতী ৷ এগৰাকী কিশোৰীক বিয়াৰ প্রলোভন দি অন্তঃসত্ত্বা কৰিছিল এটা পাষণ্ডই। তাৰ পাছতেই পলায়ন কৰিছিল পাষণ্ডটো। পৰিয়ালৰ লোকে ২০ মে’ত জিএমচিএইছত ভৰ্তি কৰাইছিল অন্তঃসত্ত্বা কিশোৰী গৰাকীক। কিশোৰী গৰাকীয়ে বয়স ফাঁকি দি সন্তান এটি জন্ম দিয়াৰ কথা পোহৰলৈ অহাৰ পাছতেই লাগিল অথন্তৰ ৷

১৮ বছৰ বয়সৰ বুলি পৰিয়ালে সন্তান প্ৰসৱ কৰোৱা কিশোৰীৰ মেট্ৰিকৰ এডমিটত ওলাল ১৬ বছৰ বয়স |তদন্তৰ আওঁতালৈ অহা শিশুটিক নিশা শিশু সুৰক্ষা কৰ্তৃপক্ষৰ সহযোগত দেৱশিশুটিক তুলি লোৱা সন্তানহীন দম্পতীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিলে টিয়ক আৰক্ষীয়ে ৷ ২৫ দিনীয়া দেৱশিশুটি পায়ো হেৰুওৱা ভূক্তভোগী সন্তানহীন দম্পতীয়ে এতিয়া মৰ্মাহত হৈ পৰিছে ৷

Exit mobile version