Israel -Iran War:সংঘৰ্ষ হ্ৰাসৰ লক্ষণ নাই! আক্ৰমণৰ লক্ষ্য: ইৰানৰ ৩০, ইজৰাইলৰ ৮০ স্থান

বিবর্ণ তেল আভিভ-তেহৰানত ঘৰবোৰ ক'লা ছাইৰে আৱৰা, কংকালসাৰ অৱস্থাত থিয় দি আছে

isreal

Israel -Iran War:

যুদ্ধ বিধ্বস্ত ইজৰাইল আৰু ইৰানত এতিয়া কেৱল জুই আৰু ধোঁৱাৰ কুণ্ডলী। কিছুদিন আগলৈ আটকধুনীয়া ঘৰবোৰে আজি ক’লা বৰণীয়া, কংকালসাৰ ৰূপ লৈ কোনো মতে থিয় দি আছে অথবা ছাইত পৰিণত হৈছে। বহু স্থানত বহু মহলীয়া ঘৰবোৰ ধ্বংসস্তূপত পৰিণত হৈছে। বিগত দুদিনত ইৰানৰ ড্ৰ’ন ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইজৰাইলৰ তেল আভিভ আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত এইদৰে বিৰাজ কৰিছে ধ্বংসৰ ছবি। ইৰানৰ ৰাজধানী তেহৰানৰ অৱস্থাও একেই। ক’ৰবাত হয়তো ইয়াতকৈও ভয়ংকৰ চেহেৰা দেখিবলৈ পোৱা গৈছে। আকাশত এতিয়া কেৱল ক’লা ধোঁৱাৰ বৃহৎ কুণ্ডলী।

ADVERTISEMENT

দাও দাওকৈ জ্বলিছে তৈল ভাণ্ডাৰ আৰু ঘৰ। ইৰান-ইজৰাইলৰ সংঘৰ্ষই আজি চতুর্থ দিন যদিও ইয়াৰ অন্ত পৰাৰ কোনো লক্ষণ নাই।দেওবাৰে নিশাও তেহৰানত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। এই পর্যন্ত তেহৰানৰ ৮০টা স্থানত ইজৰাইলে আক্ৰমণত ইৰানৰ কমেও ২২৪জন লোকৰ মৃত্যু হৈছে, আহতৰ সংখ্যা ১২শ। এই তথ্য সদৰী কৰে ইৰানৰ স্বাস্থ্য মন্ত্রণালয়ে

ইপিনে, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বাতৰিত প্ৰকাশ যে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলত এই পর্যন্ত ২৬জন লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা কমেও পাঁচশজন। বিগত চাৰিদিনত ইৰানেও ইজৰাইলত ৩৭০বাৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে। তেহৰানৰ লক্ষ্য আছিল ইজৰাইলৰ ৩০ৰো অধিক অঞ্চল।

ইৰানৰ ইছলামিক ৰিভ’লিউছনাৰী ক’পছৰ দাবী অনুসৰি এই বাহিনীয়ে নিক্ষেপ কৰা ৯০ শতাংশ ক্ষেপণাস্ত্রই লক্ষ্য স্থানত আঘাত হানিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ইজৰাইলৰ আকাশ প্রতিক্ষা ব্যৱস্থা আৰু বায়ুসেনা ঘাটি। অৱশ্যে ইজৰাইলৰ দাবী অনুসৰি ইৰানৰ অধিকাংশ ক্ষেপণাস্ত্র প্রতিহত কৰে ৰাষ্ট্ৰসংঘৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা (আইৰন ড’ম)ই। যি ক্ষয়-ক্ষতি হৈছে সেয়া ধ্বংসপ্রাপ্ত ইৰানীয় ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱেশষ বুলি দাবী কৰিছে ইজৰাইলে।

বিভিন্ন প্রতিবেদনৰ দাবী অনুসৰি ইজৰাইলৰ আক্ৰমণত ক্ষতিগ্রস্ত হৈছে ইৰানৰ নাতানজ, এছফাহান, আৰক আৰু ফৰডৌৱেৰ পৰমাণু কেন্দ্ৰ। ইজৰাইলী বাহিনী মোছাদৰ ড্ৰ’নত তেহৰানৰ বেলিস্টিক ক্ষেপণাস্ত্ৰৰ ঘাটি, পিৰানশাহেৰৰ সেনাঘাটিও ক্ষতিগ্রস্ত। তদপুৰি তেহৰানৰ আজগলৰ দৰে জনবসতি স্থানত ইজৰাইলী ক্ষেপণাস্ত্ৰ পৰিছে। ধ্বংসপ্রাপ্ত উত্তৰ তেহৰানৰ ৱান হল্ডিং টাৱাৰ, ৱেলফেয়াৰ ডিপার্টমেন্ট বিল্ডিঙো

ইপিনে, ইৰানেও ইজৰাইলৰ বহুকেইটা সামৰিক ঘাটি আৰু কূটনৈতিক কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলত আঘাত হানিছে। দাবী অনুসৰি ইৰানীয় ক্ষেপণাস্ত্ৰত ক্ষতিগ্রস্ত হৈছে তেল আভিভত থকা ইজৰাইলী সেনাৰ বিভাগ ‘দ্য কিৰিয়া’, গৱেষণা কেন্দ্র ‘ৱাইজমান ইনষ্টিটিউট অৱ ছায়েন্স’ আৰু হাইফা চহৰৰ বাজান তৈল শোধনাগাৰ কেন্দ্ৰ। তদুপৰি তেল আভিভৰ বাট ইয়াম, ৰমাট গানৰ দৰে জনবসতি অঞ্চলৰ বহু ঘৰ-দুৱাৰ ইৰানৰ ক্ষেপণাস্ত্ৰ আক্রমণত ক্ষতিগ্রস্ত হৈছে। উল্লেখ্য যে ইজৰাইলৰ এই হাইফা বন্দৰ ভাৰতৰ আদনী গোষ্ঠীৰ দ্বাৰা পৰিচালিত। কালি হাইফাত ক্ষেপণাস্ত্র আক্ৰমণৰ বাতৰি বিয়পি পৰে।

আদানী গোষ্ঠীয়ে বিবৃতিত প্রকাশ কৰিছে যে বন্দৰটো সক্ৰিয় হৈ আছে। অৱশ্যে আক্ৰমণৰ পাছত এই বন্দৰৰ্ত ক্ষয়-ক্ষতি হৈছে সেয়া স্পষ্ট নহয়। এক প্রতিবেদন অনুসৰি ইৰানৰ ৰিভ’লিউছনাৰি গার্ডে এইদৰে প্রকাশ কৰে, ‘আমাৰ অভিযানত যি কৌশল ব্যৱহাৰ কৰা হৈছে তাৰ দ্বাৰা লক্ষ্যস্থলীত সফলভাৱে সর্বাধিক আঘাত কৰা হৈছে। আমেৰিকা তথা পশ্চিমীয়া বিশ্বৰ সমৰ্থন আৰু অত্যাধুনিক প্রযুক্তি ইজৰাইলৰ হাতত থকা সত্ত্বেও।’ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্রী কাজই সকীয়াই দিয়ে এইদৰে, ‘তেহৰানৰ বাসিন্দাই ইয়াৰ মূল্য আদায় দিব লাগিব।’

Exit mobile version