Kaziranga National Park:
উদ্যোগীকৰণৰ অজুহাতত ৰাজ্যৰ বনাঞ্চলৰ ভূমিৰ ওপৰত লোলুপ দৃষ্টি পৰিছে চৰকাৰৰ। ইয়াকে লৈ ৰাজ্যৰ প্ৰকৃতিপ্রেমী আৰু সচেতন ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হ’লেও তাৰ প্রতি ন্যূনতমো গুৰুত্ব প্রদান কৰা নাই চৰকাৰে। অভিযোগ অনুসৰি, উদ্যোগীকৰণৰ অজুহাততে কে’বাখনো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতিও চৰকাৰে বাতিল কৰিছে। বিশেষকৈ চলিত বর্ষত অনুষ্ঠিত হৈ ‘এডভান্টেজ আছাম-২‘ বিনিয়োগ সম্মিলনৰ পাছত এই গতি ক্ষিপ্ৰতৰ হৈছে।
তাৰেই শেহতীয়া উদাহৰণ দাঙি ধৰি কাজিৰঙাৰ দৰে আন্তর্জাতিক খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ স্বীকৃতি বাতিল কৰা হৈছে। এই ক্ষেত্রত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তও চৰকাৰৰ বাবে গৌণ হৈ পৰিছে। ইয়াৰ কাৰণৰ সম্পৰ্কত ৰাজ্য চৰকাৰ তথা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে সম্পূর্ণ মৌনতা অৱলম্বন কৰিছে।
শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ষষ্ঠ সংযোজনৰ স্বীকৃতি বাতিল কৰা হয়, সেই অংশটো হ’ল বাঘৰ অন্যতম বিচৰণথলী। কাজিৰঙা ব্যাঘ্র প্রকল্পৰ অন্তর্ভুক্ত এই অংশটোক লৈ বিগত ২০২০ৰ দুই ছেপ্টেম্বৰত তদানীন্তন ৰাজ্য চৰকাৰে কাজিৰঙাৰ নৱম সংস্কৰণ সৃষ্টি কৰিছিল। সেই সিদ্ধান্তই বৰ্তমানৰ চৰকাৰখনে বাতিল কৰিলে। এই সিদ্ধান্ত সাধাৰণ সিদ্ধান্ত নহয় বুলি স্বয়ং বন বিভাগতে সৰব চর্চা চলিছে। এই নৱম সংস্কৰণটো আছিল তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা বাতিলৰ জাননী অনুসৰি নৱম সংস্কৰণৰ মুঠ মাটিকালিৰ পৰিমাণ ২,৮৭০ হেক্টৰ। বিভাগে এ ২০২০/৪৭ নম্বৰৰ জাননীৰ জৰিয়তে বাতিলৰ সিদ্ধান্ত ঘোষণাৰ লগে লগে কাৰ্যকৰীও হয়। প্রসংগক্রমে উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনে কাজিৰঙাৰ দশম সংস্কৰণো ঘোষণা কৰিছিল। সেই ঘোষণা আজিলৈকে ঘোষণা হৈয়েই ৰৈছে। বৰঞ্চ ঘোষণাক কাৰ্যকৰী ৰূপ নিদিয়াৰ স্থিতিতহে আছে চৰকাৰ।
দিছপুৰৰ সূত্ৰত প্ৰকাশ যে বিনিয়োগ সম্মিলনৰ প্ৰস্তুতিৰ সময়ৰ পৰাই চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক উদ্যোগীকৰণৰ ভূমিক লৈ চকু ৰাখিবলৈ পৰামৰ্শ দিছিল। কিয়নো চৰকাৰে এই কথা ভালদৰে জানে যে উদ্যোগ স্থাপন তথা উদ্যোগীকৰণৰ বাবে প্রয়োজন হোৱা ভূমিৰ নামত ৰাজ্যত অস্থিৰতাৰ সৃষ্টি হোৱাটো নিশ্চিত। পলাশবাৰী, পৰ্বতঝোৰা আদি স্থানত সম্প্রতি তেনে পৰিস্থিতিৰেই উদ্ভৱ হৈছে। সেয়েহে বনাঞ্চলৰ ভূমিৰ ওপৰত চৰকাৰৰ প্ৰথমৰ পৰাই চকু পৰি আহিছে। কাজিৰঙাৰ ষষ্ঠ সংযোজন তাৰেই পৰিণতি বুলি স্বয়ং বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগতে চর্চা চলিছে।