Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত

গেছ নির্গমন আৰু শব্দ প্ৰদূষণত আতংকিত ৰাইজ,গেছ নিৰ্গমনৰ ফলত অসুস্থ ৪ জন লোক

gas leak

Bhatiapar Gas Leak Displaces: :

আজি সপ্তম দিনাও বন্ধ নহ’ল শিৱসাগৰৰ ভটীয়াপাৰৰ অ’এনজিচিৰ তেল খাদৰ পৰা গেছ নিৰ্গমন ৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে প্ৰাণপণ চেষ্টা চলায়ো এই গেছৰনিৰ্গমন বন্ধ কৰাত ব্যর্থ হোৱাত অঞ্চলটোৰ চৌদিশে তীব্র আতংকৰ সৃষ্টি হৈছে। যিকোনো মুহূর্ততে ভয়ানক অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

ADVERTISEMENT

উল্লেখ্য যে খাদটোৰ দায়িত্বত থকা কৃষ্ণ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ ঠিকাদাৰী প্ৰতিষ্ঠান এছ কে পেট্র’ই খাদটোত কাম কৰি থকা অৱস্থাত যোৱা ১২ জুনত খাদটোৰ পৰা গেছ নিৰ্গত হ’বলৈ ধৰে। ভয়ানক ৰূপত গেছ নির্গত হোৱাত স্থানীয় কে’বা শতাধিক লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ইপিনে, অ’এনজিচি কর্তৃপক্ষই গেছ নির্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই আছে যদিও সফল হোৱা নাই।

সোমবাৰে নিশা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ কয় যে এই গেছ নির্গমন বন্ধ কৰাৰ উদ্দেশ্যে আমেৰিকাৰ পৰা কাৰিকৰী বিশেষজ্ঞৰ দল অনা হ’ব। আনহাতে, ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ মইমতালিত এই ভয়াৱহ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। আনকি একাংশ লোকে প্রতিষ্ঠানটো ব্লেক লিস্টেড কৰিবলৈ দাবী উত্থাপন কৰিছে।

বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি বিশিষ্ট নাট্যকর্মী ভোলা কাকতিয়ে কয়, ‘লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ অ’এনজিচিয়ে অসমৰ ভূগৰ্ভৰ পৰা পনীয়া সোণ সদৃশ খাৰুৱা তেল আহৰণৰে অধিক লাভ অৰ্জনৰ স্বাৰ্থত তৈলক্ষেত্ৰসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই দিছে। অতি কম বেতনত কাৰিকৰী জ্ঞানবিহীন লোকক নিযুক্তি দিয়াৰ পৰিণতিত এই ঠিকাদাৰী প্রতিষ্ঠানে পূর্বে গেলেকীত আৰু তিনিচুকীয়াৰ বাঘজানত অবাঞ্ছিত ঘটনা সংঘটিত কৰে।

এনে এটা প্রতিষ্ঠানক অ’এনজিচি কর্তৃপক্ষই কিয় বাৰে বাৰে দায়িত্ব অর্পণ কৰি আহিছে ?’ কাকতিয়ে ক্ষোভেৰে লগতে অভিযোগ উত্থাপন কৰে যে ঘটনাৰ দিনা ঠিকাদাৰী প্রতিষ্ঠানটোৱে তেল খাদটোত অ’এনজিচিৰ কাৰিকৰী বিভাগৰ দ্বাৰা বিস্ফোৰণ ঘটাইছিলনে ? এই ভয়ানক কাণ্ডৰ তদন্ত চিবিআইৰ দ্বাৰা কৰোৱাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে। লগতে ঠিকাদাৰী প্ৰতিষ্ঠানটো ব্লেক লিষ্টেড নকৰালৈকে ৰাইজ ক্ষান্ত নহয় বুলি হুংকাৰ দিছে।

একেদৰে স্থানীয় নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিভা দুৱৰা কাকতিয়ে কয়, ‘জনবসতিপূর্ণ স্থানত থকা তেল খাদসমূহ জধে-মধে ঠিকাদাৰী প্ৰতিষ্ঠানক গতাই দি অ’এনজিচি কর্তৃপক্ষই সাধাৰণ লোকৰ জীৱনৰ স’তে হেতালি খেলিছে।’ এনে কাৰ্য বন্ধ কৰাৰো তেওঁ দাবী উত্থাপন কৰে।

ইপিনে,গেছ নির্গমন আৰু শব্দ প্ৰদূষণত আতংকিত ৰাইজ৷ ঘটনাস্থলীৰ ওচৰৰ গজেন দাস (৫৭) নামৰ এজন লোক হঠাতে শ্বাস-প্রশ্বাসজনিত সমস্যাত আক্রান্ত হয়। প্ৰদূষিত পৰিৱেশৰ বাবে লোকজন অসুস্থ হৈ পৰে বুলি সন্দেহ কৰা হৈছে। চিকিৎসকে তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। একেদৰে গেছ নিৰ্গমনৰ ফলত অসুস্থ হৈছে আন ৪ জন লোক ৷ তেওঁলোককো প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

Exit mobile version