Cm Himanta Viswa Sarma:প্রাইভেট হাস্পতাললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা

ধন দিব নোৱাৰিলেও বলপূর্বকভাৱে ৰাখি থৱ নোৱাৰিব ৰোগীৰ মৃতদেহ

hbm ooo

Cm Himanta Viswa Sarma:

ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ড চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৰোগীৰ মৃত্যু হ’লে পৰিয়ালৰ লোকে ধনৰ অভাৱত মৃতদেহ উলিয়াব নোৱাৰে ৷ বিশেষকৈ ৰোগীৰ আত্মীয়ই ধন দিব নোৱাৰাৰ বাবে ৰোগীৰ মৃতদেহ চিকিৎসালয়তে আবদ্ধ কৰি ৰখাৰ দৰে বহু ঘটনা সংঘটিত হৈ আহিছিল ৷

এনে ঘটনাক্ৰমৰ মাজতে ব্যক্তিগত খণ্ড চিকিৎসালয়লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নির্দেশ ৷ এতিয়াৰ পৰা ধন দিব নোৱাৰিলেও বলপূর্বকভাৱে ব্যক্তিগত খণ্ডৰ হাস্পতালে ৰাখি থ’ব নোৱাৰিব ৰোগীৰ মৃতদেহ ৷ একেদৰে টকাৰ বাবে ৰোগীকো ৰাখি থ’ব নোৱাৰিব হাস্পতালত ৷

আনহাতে কোনো ভুক্তভোগী পৰিয়ালে ব্যক্তিগত খণ্ডৰ হাস্পতালৰ পৰা হাৰাশাস্তি সন্মুখীন হ’লে তৎকালই ডাইল কৰি দিব পাৰিব অভিযোগ ৷

Exit mobile version