SAHITYA AKADEMI PURASKAR 2025:
সাহিত্য একাডেমীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে সাহিত্য একাডেমী যুৱ আৰু শিশু সাহিত্যৰ বঁটা ৷ ২০২৫ বৰ্ষৰ অসমীয়া ভাষা শিতানত শিশু সাহিত্য বঁটা লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাসে। দাসক তেওঁৰ স্বৰচিত গ্ৰন্থ ‘মইনাহঁতৰ পদ্য’ৰ বাবে আগবঢ়োৱা হয় এই বঁটা ৷
আনহাতে বড়ো ভাষাত খান্থি বাউছন আৰ আখো ডানাই’ গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা।
একেদৰে সাহিত্য একাডেমীৰ অসমীয়া ভাষা শিতানত যুৱ বঁটা আগবঢ়োৱা হৈছে সুপ্ৰকাশ ভূঞালৈ। তেওঁক ‘কুঁচিয়ানামা’ গ্ৰন্থৰ বাবে আগবঢ়োৱা হয় এই বঁটা । বড়ো ভাষাত ‘আং অসুৰ’ কাব্য গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ যুৱ বঁটা আগবঢ়োৱা হৈছে অমৰ খুংগুৰ বড়োলৈ ৷
উল্লেখ্য যে,২০২৫ বৰ্ষত সাহিত্য একাডেমীৰ যুৱ বঁটা মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকে লাভ কৰিছে।
আনহাতে অসমীয়া ভাষাৰ যুৱ বঁটাৰ বাবে জুৰি মণ্ডলিত আছিল অসমীয়া ভাষা শিতানৰ বাবে অংকুৰ ডেকা, ড: দীপ্তি পাটগিৰি আৰু সঞ্জীৱ কুমাৰ ফুকন থকাৰ বিপৰীতে বড়ো ভাষাৰ বাবে জুৰি বৰ্ডত আছিল ধনশ্ৰী স্বৰ্গীয়াৰী, ৰশ্মী চৌধুৰী আৰু ডাঃ তুলান মুছাহাৰী।
ইপিনে ,সাহিত্য একাডেমীৰ ২০২৫ ৰ শিশু সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাৰ শিতানত জুৰি বৰ্ডত আছিল ড:জ্যোতিৰেখা হাজৰিকা, ৰথিন্দ্ৰনাথ গোস্বামী আৰু শান্তনু তামুলী থকাৰ বিপৰীতে বড়ো ভাষাৰ জুৰি বৰ্ডত আছিল এৰন ৰাজা বসুমতাৰী, এম সুংগুৰ বড়ো আৰু তমসিং ব্ৰহ্ম।