Tinsukia:
তিনিচুকীয়াৰ দেবীপুখুৰী পথত অৱস্থিত বিদ্যাধাৰা নামৰ আই আই টি,জেইই,নীটৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা নীট পৰীক্ষাত অৱতীৰ্ণ হৈ ৪ গৰাকী ছাত্ৰীয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু শিক্ষকসকল উৎফুল্লিত হৈছে ।
প্ৰতিষ্ঠানটোৰ পৰা বিশ্বজিৎ চেতিয়া মাক নমী চেতিয়াৰ জীয়ৰী গাৰ্গী চেতিয়া,প্ৰীতি ডুবে,গগনদ্বীপ সিংহইও উন্নত ফলাফল প্ৰদৰ্শন কৰে । ৪ গৰাকী ছাত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তিৰ সুযোগ লাভ কৰিলে । প্ৰতিষ্ঠান কৰ্তৃপক্ষই চাৰিও গৰাকী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
