Air india :আন্তঃৰাষ্ট্ৰীয় আৰু ড’মেষ্টিক পথৰ কেবাখনো বিমান বাতিল কৰিছে এয়াৰ ইণ্ডিয়াই। শুকুৰবাৰে আঠখন বিমান বাতিল কৰাৰ কথা ঘোষণা কৰেবএয়াৰ ইণ্ডিয়াই।
ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ কাৰণত এই সকলোবোৰ বিমান বাতিল কৰাৰ কথা জনাইছে ভাৰতীয় এই বিমান সংস্থাই।
বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াইও কেবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে।
বিগত ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেই এয়াৰ ইণ্ডিয়াৰ এই পদক্ষেপ।
বাতিল হোৱা আন্তঃৰাষ্ট্ৰীয় বিমান
AI-906: ডুবাইৰ পৰা চেন্নাইলৈ
AI-308: দিল্লীৰ পৰা মেলবৰ্ণলৈ
AI-2204: ডুবাইৰ পৰা হায়দৰাবাদলৈ
বাতিল ড’মেষ্টিক ফ্লাইট
AI-874: পুনেৰ পৰা দিল্লীলৈ
AI-456: আহমেদাবাদৰ পৰা দিল্লীলৈ
AI-2872: হায়দৰাবাদৰ পৰা মুম্বাইলৈ
AI-571: চেন্নাইৰ পৰা মুম্বাইলৈ
বাতিল হোৱা এই সকলো বিমান যাত্ৰীৰ সম্পূৰ্ণ ভাড়া ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই। টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থাটোৱেও এই পথসমূহৰ যাত্ৰীসকলক বিকল্প যাত্ৰাৰ ব্যৱস্থা কৰাত সহায় কৰিব বুলিও ঘোষণা কৰিছে।
উল্লেখ্য যে,বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই ৩৮খন আন্তঃৰাষ্ট্ৰীয় বিমান সাময়িকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰে। এই আটাইকেইখন বিমান ২১ জুনৰ পৰা ১৫ জুলাইলৈ বন্ধ থাকিব।
