Deadbody Recovered In Nayanpur:ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ কাৰ কেতিয়া ৰহস্যজনক অৱস্থাত মৃত্যু হয় ৷ তাৰ যেন এক অঘোষিত প্ৰতিযোগিতা চলিছে এইখন গুৱাহাটীত ৷ ইটোৰ পিছত সিটোকৈ সংঘটিত এনে ঘটনাৱলীয়ে মহানগৰবাসীক কৰি তুলিছে উদ্বিগ্ন।
মহানগৰীৰ গণেশগুৰিত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। নয়নপুৰত ভাৰাঘৰত উদ্ধাৰ ৰফিউল আলম নামৰ ছিপাঝাৰৰ যুৱকজনৰ নিথৰ দেহ। কাষৰ আন ভাড়াতীয়া নিজৰ কোঠাত পৰি থকা দেখি হুৱাদুৱা লগাই ৷পিছত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএম চিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
উল্লেখ্য মর্ফ নামৰ শ্ব’ৰূমত কৰ্মৰত আছিল ৰফিউল আলম ৷ আনহাতে ৰফিউলক পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷






























