NASA: পুনৰ পিছুৱাই দিয়া হ’ল এক্সিয়াম-৪ মিছন। এইবাৰৰ স’তে ছয়বাৰ পিছুৱাই দিয়া হ’ল Axiom-4 অভিযান। শুকুৰবাৰে পুৱা আই এছ এছৰ অফিচিয়েল হেণ্ডেলে জনাইছে, অহা দেওবাৰে এক্সিয়াম-৪ উৎক্ষেপণ কৰা নহয়।
নাছাই এই অভিযানৰ নতুন তাৰিখ পাছত ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। এই অভিযানত মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হ’ব গ্ৰুপৰ কেপ্তেইন সুভাংশু শুক্লা ।
শেহতীয়াকৈ ষ্টেটিক ফায়াৰ বুষ্টাৰৰ পাছৰ পৰীক্ষাৰ সময়ত LOx লিক হোৱাৰ বাবে এই অভিযান স্থগিত ৰখা হৈছিল।
তথ্য অনুসৰি বুষ্টাৰ মেৰামতিৰ পাছত নাছাক আৰু কিছু সময়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নাছাই আই এছ এছৰ কিছু মূল্যায়ন চলাই আছে।
তাত তেওঁলোকে ঝভেজডা চাৰ্ভিচ মডিউলৰ পিছফালৰ অংশত অধিক মেৰামতিৰ প্ৰয়োজন আছে নে নাই সেই বিষয়েও তদন্ত কৰি আছে।
বিবৃতিটোত কোৱা হৈছে,”মহাকাশ কেন্দ্ৰটোৰ আন্তঃসংযোগী আৰু আন্তঃনিৰ্ভৰশীল ব্যৱস্থাৰ বাবে নাছাই নিশ্চিত কৰিব বিচাৰিছে যে ষ্টেচনটো অতিৰিক্ত ক্ৰুৰ বাবে সাজু হৈছে, আৰু সংস্থাটোৱে সেই তথ্যসমূহ পৰ্যালোচনা কৰিবলৈও প্ৰয়োজনীয় সময় লৈছে।”
সকলো দিশে ১০০ শতাংশ নিশ্চয়তাৰে চাৰিজন মহাকাশচাৰীক প্ৰেৰণ কৰিব নাছাই।
সুভাংশুৰ উপৰিও এই অভিযানত মহাকাশচাৰী পেগী হুইটছন, হাংগেৰীৰ টিবৰ কাপু আৰু পোলেণ্ডৰ স্লাউছ উজানস্কি উইছনিউস্কিও আছে।






























