Ali khamenei:
পশ্চিম এছিয়াত সংঘাত আৰু উত্তেজনা শীৰ্ষত আৰোহণ কৰাৰ সময়তে ইৰানৰ সৰ্বোচ্চ নেতা আয়তুল্লা অলি খামেইনিয়ে সম্ভাব্য যুদ্ধ বা হত্যাৰ স্থিতিলৈ লক্ষ্য ৰাখি নিজৰ তিনিজন উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰিলে।
‘নিউ য়র্ক টাইমছ’ৰ বাতৰিত উল্লেখ কৰা অনুসৰি, সম্প্রতি খামেইনিয়ে অতি গভীৰ ভূমিগত বাংকাৰত আছে আৰু সর্বোচ্চ নেতাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ইৰানত সকলো ইলেকট্র’নিক যোগাযোগ ব্যৱস্থা বন্ধ ৰখা হৈছে।
মার্কিন সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা অনুসৰি, খামেইনিয়ে ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে তেওঁৰ পুত্ৰক উত্তৰাধিকাৰী নিৰ্বাচন কৰা নাই। খামেইনিৰ পুত্ৰ মৌজটবা এজন ধর্মীয় নেতা হোৱাৰ লগতে ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছৰ স’তে জড়িত। কিন্তু খামেইনিয়ে পুত্ৰৰ পৰিৱৰ্তে ইৰানৰ তিনিজন মৌলবীক তেওঁৰ উত্তৰাধিকাৰী হিচাপে মনোনীত কৰে।
খামেইনিয়ে এই তিনি মৌলবীৰ এজনক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰাটো বিচাৰিছে বুলি ‘নিউ য়র্ক টাইমছ’ কাকতৰ প্রতিবেদনত দাবী কৰিছে। অৱশ্যে মার্কিন সংবাদ মাধ্যমে খামেইনিয়ে উত্তৰাধিকাৰী হিচাপে মনোনীত কৰা মৌলবীৰ নাম প্রকাশ কৰা নাই।






























