Jorhat Police:
পুনৰ আৰক্ষীৰ নাক কাটিলে কুখ্যাত অপৰাধীয়ে ৷ যোৰহাট আৰক্ষী থানাৰ পৰা পুৱতি নিশা পলায়ন সঞ্জয় সিং নামৰ ড্ৰাগছ ব্যৱসায়ীটো ৷ দেওবাৰে যোৰহাট আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছিল ড্ৰাগছ ব্যৱসায়ীটোক ৷
ইতিমধ্যে পলাতক ড্ৰাগছ ব্যৱসায়ীটোৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ উল্লেখ্য যে আৰক্ষী জিন্মাৰ পৰা অপৰাধীৰ পলায়নৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত ৷
