US attack on Iran:ইৰানক এইবাৰ আক্ৰমণ আমেৰিকাৰ

যুদ্ধবিমান-ছাবমেৰিন ব্যৱহাৰ কৰি তিনি পৰমাণু ক্ষেত্ৰত বোমাবর্ষণ-ক্ষেপণাস্ত্ৰৰে আঘাত, পৰমাণু ক্ষেত্ৰৰ ক্ষতিৰ আশংকা নুই কৰিলে বিভিন্ন পক্ষই, খামেইনিক ভাবুকি ট্রাম্পৰ,পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি

trump ooo

US attack on Iran:

বন্ধু ইজৰাইললৈ সহযোগিতা আগবঢ়াই অৱশেষত ইৰান আক্রমণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। শনিবাৰে নিশা মার্কিন বাহিনীয়ে ‘অপাৰেছন মিডনাইট হেমাৰ’ শীৰ্ষক অভিযানৰ অধীনত ইৰানৰ তিনি প্রধান পৰমাণু কেন্দ্ৰ ক্রমে ফোল্ডো, এছফাহান আৰু নাটাঞ্জত উচ্চ ক্ষমতা সম্পন্ন বোমা আৰু ক্ষেপণাস্ত্ৰৰে আঘাত হানে।

এই আক্রমণত মার্কিন বাহিনীয়ে বি-২ যুদ্ধবিমান আৰু ছাবমেৰিন ব্যৱহাৰ কৰা বুলি এজন মার্কিন বিষয়াই সংবাদ মাধ্যমক জনায়। বিষয়াজনে জনোৱা মতে, মার্কিন বাহিনীয়ে ইৰানৰ এই তিনি পাৰমাণৱিক ক্ষেত্রত জিবিইউ-৫৭ এমআ’পি বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত হানে।

জিবিইউ-৫৭এমপি বোমাই ভূগর্ভস্থ লক্ষ্যত আঘাত হানিব পাৰে। মার্কিন বাহিনীয়ে ইৰানৰ পাৰমাণৱিক ক্ষেত্ৰত আঘাত হনা বুলি দাবী কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইজৰাইলৰে যুদ্ধৰত পাৰশ্য উপসাগৰীয় দেশখনলৈ পুনৰ কঠোৰ সকীয়নি দিছে। ইৰানৰ তিনি পাৰমাণৱিক ক্ষেত্রত আক্রমণক এক অতি সফল আক্রমণৰূপে অভিহিত কৰিছে ট্রাম্পে।

আনকি মার্কিন বাহিনীৰ বোমাবর্ষণত ইৰানৰ মূল পৰমাণু কেন্দ্ৰ ফোৰডো সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি তেওঁ দাবী কৰিছে। সাংবাদিকক ৰাষ্ট্ৰপতিজনে কয় যে শনিবাৰৰ নিশাৰ এই সফলতা মোহনীয়। ইৰানক তাৎক্ষণিকভাবে শান্তি চুক্তি কৰিবলৈ সকীয়াই দি ট্রাম্পে লগতে কয় যে অন্যথা পুনৰ দেশখনক মার্কিন বাহিনীয়ে এনে আঘাত হানিব।

ইৰানৰ তিনি পাৰমাণবিক ক্ষেত্রত বোমাবর্ষণ কৰি মার্কিন। মার্কিন যুদ্ধবিমানসমূহ নিৰাপদে ঘৰমুৱা হ’বলৈ সক্ষম হয় বুলিও ট্রাম্পে দাবী কৰিছে। এই আক্রমণত অংশ লোৱা মার্কিন বাহিনীলৈ শুভেচ্ছা জনাই ট্রাম্পে তেওঁলোকক ‘আমাৰ মহান আমেৰিকান যোদ্ধা’ আখ্যা দিয়ে।

ইপিনে, এটা সংবাদ সংস্থাই পৰিবেশন কৰা বাতৰি অনুসৰি মার্কিন প্রশাসনে ইৰানলৈ প্ৰেৰণ কৰা এক কূটনৈতিক বার্তাত কয় যে মার্কিন বাহিনীয়ে ইৰানৰ শাসক সলনিৰ বাবে এই আক্রমণ সংঘটিত কৰা নাই। এই আক্রমণ মার্কিন প্রশাসনৰ পৰিকল্পনা অনুসৰি কৰা হয় বুলিও ৱাশিংটনৰ কূটনৈতিক বার্তাটোত উল্লেখ আছে। আনহাতে, ট্রাম্পে এটা সংবাদ সংস্থাক কয়, ‘মার্কিন বাহিনীয়ে ইৰানৰ তিনি প্রধান পৰমাণু ক্ষেত্র ক্রমে নাটাঞ্জ, এছফাহান আৰু ফোৰডোত আঘাত হানিছে।

ইয়াৰে ফোৰডোত ছখন বিমানৰে ১২ টা বাংকাৰ বাষ্ট্ৰৰ বোমা পেলোৱা হয়। আন দুই পৰমাণু ক্ষেত্ৰক ৩০ টা মান ক্ষেপণাস্ত্ৰৰে আঘাত হনা হয়। ইৰানৰ মূল পৰমাণু ক্ষেত্র ফোৰডোত বিমানে এবাৰ কঢ়িয়াই নিব পৰা সকলো বোমা পেলোৱা হয়।’ নাম প্রকাশত অনিচ্ছুক মার্কিন প্রশাসনৰ এজন বিষয়াই জনোৱা মতে, ইৰানৰ মূল পৰমাণু ঘাটিত বি-২ বিমানৰে বোমাবর্ষণ কৰা হয়। ফোবডো প্ৰমাণু ক্ষেত্র ইৰানৰ ৰাজধানী তেহৰানৰ দক্ষিণ প্ৰান্তৰ এটা পাহাৰৰ ভূগৰ্ভত অবস্থিত।

# যুদ্ধ অন্ত পেলাবলৈ ইৰান সম্মত হ’বই লাগিব: ট্রাম্প

ইজৰাইলৰ স’তে লিপ্ত থকা যুদ্ধৰ অন্ত পেলাবলৈ ইৰান সম্মত হ’ব লাগিবই বুলি হুংকাৰ দিছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে। অন্যথা দেশখনে এনে আৰু আক্ৰমণৰ সন্মুখীন হ’ব বুলি তেওঁ সকীয়াই দিছে। মার্কিন বাহিনীয়ে এই অভিযান সম্পন্ন কৰাৰ পাছত পুৱতি নিশা হোৱাইট হাউছৰ পৰা ট্রাম্পে দেশবাসীক সম্বোধন কৰে। দেশবাসীক সম্বোধন কৰাৰ সময়ত তেওঁক সামৰিক সৰ্বাধিনায়কৰ পোছাকত দেখা যায়। এই সম্বোধনৰ সময়ত তেওঁৰ ওচৰত মার্কিন জ্যেষ্ঠ সামৰিক উপদেষ্টসকলো বাষ্ট্ৰপতিৰ স’তে থাকে।

‘অপাৰেছন মিডনাইট হেমাব’ত ইবানৰ মূল পৰমাণু সমৃদ্ধিকৰণ ক্ষেত্রসমূহ সম্পূর্ণরূপে ধ্বংস হ’ল বুলিও ট্রাম্পে দাবী কৰে। তেওঁ কয়, ‘এতিয়া শান্তি হ’ব আৰু কোনো কৰুণ ঘটনা সংঘটিত নহয়। ‘ লক্ষ্যণীয়ভারে যোৱা বৃহস্পতিবাৰে ইৰান-ইজৰাইল যুদ্ধ সম্পর্কত সিদ্ধান্ত দুসপ্তাহৰ ভিতৰতে ল’ব বুলি মার্কিন ৰাষ্ট্ৰপতিজনে প্রকাশ কৰিছিল।

# আলী খামেইনিক প্রত্যক্ষভাৱে ভাবুকি

‘অপাৰেছন মিডনাইট হেমাৰ’ সম্পন্ন হোৱাৰ পাছত ট্রাম্পে ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেইনিলে প্রত্যক্ষভাবে সকীয়নি দিয়ে। নিজৰ সামাজিক মাধ্যম ‘ট্রুথ ছ’চিয়েল’ত তেওঁ কয়, ‘তথাকথিত সর্বোচ্চ নেতাজনে ক’ত আত্মগোপন কৰি আছে আমি জানো। আমি তেওঁক (অন্ততঃ এতিয়া) উলিয়াই নানো (হত্যা নকৰো)।’ পাছত তেওঁ ‘ফক্স নিউজ’ৰ আগত কয় যে মার্কিন প্রশাসনে খামেইনিক হত্যা কৰাৰ কথা বিবেচনা কৰে যদিও মূৰকত এই সিদ্ধান্ত বাতিল কৰে। আনহাতে, ইৰানক ইংগিত কৰি তেওঁ সামাজিক মাধ্যমত ‘নিঃচর্ত আত্মসমর্পণ’ শব্দ দুটা লিখিছে। এই শব্দ দুটা তেওঁ ইংৰাজী বৰফলা আখৰৰে লিখিছে।

# ইৰানে নিশ্চিত কৰিলে মার্কিন আক্ৰমণৰ কথা

যোৱা নিশা মার্কিন বাহিনীয়ে বাংকাৰ বাষ্টাৰ বোমা আৰু ক্ষেপণাস্ত্ৰৰে তিনি পৰমাণু ক্ষেত্ৰত আক্ৰমণ সংঘটিত কৰাৰ কথা নিশ্চিত কৰিছে ইৰানে। এই সম্পর্কত ইৰান চৰকাৰৰ এজন বিষয়াই সংবাদ মাধ্যমক জনায় যে ফোৰডো পৰমাণু ক্ষেত্রত ‘শত্রু’রে বিমান আক্রমণ সংঘটিত কৰিলে। একেদৰে দেশখনৰ পৰমাণু শক্তি সংস্থা (এইঅ’আই)য়ো এই মার্কিন আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে এই আক্ৰমণৰ ফলত পৰমাণু ক্ষেত্ৰকেইখনৰ কোনো ক্ষতি হোৱা নাই বুলি সংস্থাটোরে এক বিবৃতিত দাবী কৰে। বিবৃতিটোত কোৱা হয় যে এই আক্ৰমণৰ ফলত কোনো সাধাৰণ লোক হতাহত হোৱা নাই বা তেজস্ক্রিয় বিকিৰণো ঘটা নাই।

একে দাবী কৰিছে আন একাংশ পক্ষয়ো। এই সম্পর্কত আন্তর্জাতিক পৰমাণু শক্তি সংস্থা (আইএইএ)ই সামাজিক মাধ্যমত কয় যে মার্কিন আক্ৰমণৰ পাছতো ইৰানৰ তিনি পৰমাণু ক্ষেত্ৰৰ পৰা তেজস্ক্রিয় পদাৰ্থৰ বিকিৰণ ঘটা নাই। অর্থাৎ মার্কিন আক্রমণে পৰমাণু ক্ষেত্ৰ তিনিখনৰ ক্ষতি নকৰাটো স্পষ্ট হৈছে। উল্লেখ্য যে কিছুদিন পূর্বে ৰাছিয়াই আশংকা কৰে যে ইৰানৰ পৰমাণু ক্ষেত্ৰসমূহত আক্রমণ সংঘটিত হ’লে তেজস্ক্রিয় পদাৰ্থৰ বিকিৰণ ঘটি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব। এই পৰিস্থিতিত ১৯৮০ দশকৰ ইউক্রেইনৰ চার্ন’ বইল পৰমাণু দুর্যোগে সৃষ্টি কৰা দুর্যোগ সদৃশ হোৱাৰো আশংকা কৰে দেশখনে। এনে আশংকা কৰি ইৰান আক্ৰমণৰ পৰা বিৰত থাকিবলৈ ৰুছ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সকীয়নিও দিয়ে।

# ইৰানৰ পাৰমাণৱিক কার্যকলাপ বিধ্বস্ত হ’ল: মার্কিন প্রতিক্ষা সচিব

যোৱা নিশা মার্কিন বাহিনীয়ে কৰা বোমাবর্ষণ আৰু ক্ষেপণাস্ত্র আক্ৰমণত ইৰানৰ পাৰমাণৱিক কার্যকলাপ বিধ্বস্ত হোৱা বুলি দাবী কৰিছে মার্কিন প্রতিৰক্ষা সচিব পীট হেগছেথে। মার্কিন সামৰিক মুখ্য কাৰ্যালয় পেন্টাগনত সাংবাদিকৰ আগত প্ৰতিৰক্ষা সচিব হেগছেথে কয়, ‘ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রত্যক্ষ নির্দেশৰ অধীনত এই অভিযান সম্পন্ন কৰা হয়। আমি ইৰানৰ পাৰমাণৱিক কর্মসূচী বিধ্বস্ত কৰিলো।’ এই সফল অভিযানৰ আঁৰত কে’বামাহ ধৰি দক্ষতাৰে কৰা প্ৰস্তুতি জড়িত আছে বুলিও মার্কিন প্রতিৰক্ষা সচিবজনে মন্তব্য কৰে। এই সম্পর্কত তেওঁ লগতে কয়, ‘শত্ৰুৰ চকুত ধূলি দিয়া আৰু অতি উচ্চ পর্যায়ৰ অভিযানগত গোপনীয়তাৰ ফল হৈছে এই অভিযান। এই অভিযান চলাবলৈ আমাৰ অধিনায়ক প্রধান (ৰাষ্ট্ৰপতি)ৰ পৰা এক শক্তিশালী আৰু স্পষ্ট সুনির্দিষ্ট নির্দেশ লাভ কৰিলো। অপাৰেছন মিডনাইটৰ অধীনত এই অভিযান চলোৱা হয়।’

# কেনেদৰে ফোৰডোত আঘাত হানিলে বাংকাৰ বাষ্টাৰ বোমাই

মার্কিন সামৰিক অভিযানৰ তদাৰক কৰা শীর্ষ সেনা বিষয়া জেনেৰেল ডান কেইনৰ মতে ইৰানৰ সবাতোকৈ সুৰক্ষিত ফোৰডো পাৰমাণৱিক ক্ষেত্র কুৱম অঞ্চলৰ এটা পৰ্বতৰ তলত অৱস্থিত। যোৱা নিশা এই পৰমাণু ক্ষেত্ৰক মার্কিন বাহিনীয়ে ছটা প্রায় ১৩,৬০০ কিলোগ্রাম ওজনৰ বাংকাৰ বাষ্ট্ৰৰ বোমাৰে আঘাত কৰে। ইয়াৰ সমান্তৰালভাৱে ইউএছএছ জর্জিয়া আৰু ইউএছএছ ফ্ল’ৰিডাৰ পৰা নাটাঞ্জ আৰু ইছফাহন পৰমাণু ক্ষেত্ৰৰ গুৰুত্বপূর্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি মার্কিন বাহিনীয়ে ক্ষেপণাস্ত্র নিক্ষেপ কৰে।

Exit mobile version