Ukraine:ইউক্ৰেইনত ৰাছিয়াই আন এক বৃহৎ আক্ৰমণ আৰম্ভ কৰিছে বুলি কিয়েভৰ দাবী। তথ্য অনুসৰি, সোমবাৰে পুৱা মস্কোৱে ৩৫২টা ড্ৰ’ন, ১১টা বেলিষ্টিক মিছাইল আৰু পাঁচটা ক্ৰুজ মিছাইল নিক্ষেপ কৰে।
ৰাছিয়াৰ এই আক্ৰমণত কমেও ১০ জন লোক নিহত হৈছে। আহতৰ সংখ্যা বেছি।
ইউক্ৰেইনৰ সেনাৰ মুৰব্বী টাইমুৰ টকাচেংকোৱে এক বিবৃতিত কয়,”সোমবাৰে ৰাছিয়াৰ সেনাই কিয়েভত ধাৰাবাহিকভাৱে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ চলাইছিল।সাধাৰণলোকৰ বসতি অঞ্চলসমূহত ইচ্ছাকৃতভাৱে ধ্বংস কৰা হৈছে।”
সংবাদ সংস্থা এ এফ পিয়ে প্ৰকাশ কৰা অনুসৰি কিয়েভৰ বহু ঘৰ ধ্বংস হৈছে। ৰাছিয়াৰ এই আক্ৰমণৰ ফলত শ্বেভচেংকিভস্কি জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। মস্কোৰ আক্ৰমণত এতিয়ালৈকে ১০ জন লোক নিহত হৈছে। আহতৰ সংখ্যা বেছি।
উল্লেখ্য যে,২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল।তেতিয়াৰ পৰা কেবাটাও পদক্ষেপ লোৱাৰ পাছতো দুয়োখন দেশৰ ৰাষ্ট্ৰপতিসকলে মুখামুখিকৈ বহি যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা কৰিবলৈ সন্মত হোৱা নাই।






























