Ambubachi mela Third Day: আধ্যাত্মিকতালৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে অম্বুবাচীৰ মেলামুখিতাই !

নাম সলনিৰ লগতে পৰম্পৰা আৰু আধ্যাত্মিকতাত এইবাৰ গুৰুত্ব প্রদান: দলৈ, ৰ'দ-বৰষুণক নেওচি দেৱীৰ আৰাধনা,এমাহলৈ কামাখ্যাত কটাই দেৱীক আৰাধনা কৰিবলৈ আহিছে বহু সন্ন্যাসী

kamakhya 1

Ambubachi mela Third Day:

মেলামুখিতাই শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলাৰ আধ্যাত্মিকতাত আঘাত হানিছে নেকি? এই সংশয় প্রকাশ কৰিছে স্বয়ং কামাখ্যা ধামৰ দলৈ সমাজে। সেইবাবেই এইবাৰ অম্বুবাচী মেলাৰ নাম পৰিৱৰ্তন কৰি নতুন নামকৰণ কৰা হৈছে অম্বুবাচী মহাযোগ। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকু মা কামাখ্যাৰ ভক্তৰে উপচি পৰাৰ সময়তে নতুন নামকৰণৰ সম্পৰ্কত ‘দৈনিক অগ্রদূত’ৰ আগত এনেদৰে কয় দলৈ কবীন্দ্র প্রসাদ শর্মাই। তেওঁ কয়, ‘মাজতে কেইবছৰমানৰ পৰা অম্বুবাচীৰ নামত কেবল মাত্র এক মেলাৰ পৰিৱেশ সৃষ্টি হৈছিল: অথচ এইখনতো মেলা নহয়। ইয়াত জড়িত হৈ আছে গভীৰ আধ্যাত্মিকতা

সেয়া যাতে তল পৰি নাযায় তাৰে এইবাৰ মহাযোগ নাম দিয়া হৈছে।’ এই মহাযোগতে উপচি পৰিছে দেৱীৰ লাখ লাখ ভক্ত। মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ আজি তৃতীয় দিনাও পুৱা পাঁচ বজাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত আৰম্ভ হয়। পুৱা কিনকিনিয়া বৰষুণ পিছত দিয়া প্ৰখৰ ৰ’দকো নেওচি এই সোঁত অব্যাহত থাকে। অৱশ্যে এইবাৰ জোতা-ছেণ্ডেল ওপৰলৈ নিয়া নিষিদ্ধ কৰাক লৈ ৰাইজৰ মাজত মিশ্রিত প্রতিক্রিয়াৰো সৃষ্টি হৈছে। উত্তপ্ত হৈ পৰা পকী পথত উদং ভৰিৰে খোজ কাঢ়িবলৈ মানুহৰ যথেষ্ট অসুবিধা হয়। তাৰ বাবে সুবিধাজনক ব্যৱস্থা গঢ়ি তোলা নহ’ল বুলি অভিযোগ উঠিছে। এইবাৰ বিকল্প হিচাপে মেখেলা উজোৱা পথটোও যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছে।

অৱশ্যে এই ধৰণৰ ওজৰ-আপত্তি একাংশৰ মাজত থাকিলেও কামাখ্যা ধামৰ অম্বুবাচীৰ আকর্ষণক কোনেও স্তিমিত কৰিব নোৱাৰে। বিশেষকৈ দেওবাৰৰ পৰা মন্দিৰ চৌহদৰ পৰিৱেশেই সলনি হৈছে। দুৰ দূৰণিৰ পৰা আগমন হোৱা সাধু-সন্ন্যাসীয়ে দিন-ৰাতি একাকাৰ কৰি অব্যাহত ৰাখিছে দেৱীমাৰ আৰাধনা। মন্দিৰ প্রদক্ষিণ, যজ্ঞ, মন্ত্রোচাৰণ আদিৰে মুখৰ হৈ ৰৈছে প্রতিটো মুহূর্ত। আনকি আজি পুৱ ভাগত অহা মুষলধাৰ বৰষুণত তিতিও বহু সন্ন্যাসীয়ে অব্যাহত ৰাখে তেওঁলোকৰ জপ সাধনা।

মধ্যপ্রদেশৰ পৰমবাবা ধান জনকল্যাণ সেৱা সমিতিৰ পৰা অহা সন্নাসীসকলে কয় যে তেওঁলোকৰ বহুতে প্রায় এমাহ ধৰি কামাখ্যাত থাকিব। দেৱীমাই তেওঁলোকক মাতিছে আৰু তেওঁলোক লৱৰি আহিছে বুলি সন্ন্যাসীসকলে কয়।

দিনৰ ভাগৰ এনে পৰিৱেশৰ সমান্তৰালকৈ বহু সন্ন্যাসীয়ে পাৰ কৰিছে উজাগৰী নিশাও। কাৰণ তেওঁলোকৰ বহু পূজা মাজনিশাও অনুষ্ঠিত হয়। এনে পূজা কামাখ্যা চৌহদৰ সমান্তৰালকৈ নীলচল পাহাৰত অৱস্থিত বিভিন্ন মন্দিৰবোৰত আয়োজন কৰা হৈছে। এইবাৰ অৱশ্যে শক্তিপীঠখনত নিশা ভক্তৰ ভিৰ একেবাৰেই সেৰেঙা হৈ ৰৈছে। ভিৰৰ বাবে যাতে কোনো অঘটন নঘটে তাৰ প্রতি লক্ষ্য ৰাখি এইবাৰ সন্ধিয়া ছয় বজাৰ পৰা কোনো লোকক মন্দিৰলৈ যোৱাত অনুমতি দিয়া হোৱা নাই। দেওবাৰৰ পৰা এই নিয়ম বলৱৎ হোৱাৰ ফলতে এইবাৰ নিশা কামাখ্যাত বিশেষ জনসমাগম পাবলৈ নাই।

Exit mobile version