Dilapidated Barphukan Road :
উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্য উন্নয়নৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম দেশক পাঁচখন উন্নত ৰাজ্যৰ সমতুল্য কৰিবলৈ এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । কিন্তু তেনে সময়ত খুদ ৰাজ্যখনৰ এটা ঐতিহাসিক পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক ।
দীৰ্ঘদিন ধৰি ঐতিহাসিক পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । খোৱাং সমষ্টিৰ অন্তৰ্গত বৰফুকন আলিৰ বিধ্বস্ত ৰূপত অতীষ্ঠ হৈ পৰিছে ৰাইজ । গড়কাপ্তানী বিভাগৰ অধীনৰ প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ খোৱাং আজাৰগুৰি আৰু ডিমৌ সংযোগী পথটোৰ অৱস্থা ইমানেই তথৈবচ হৈ পৰিছে যে পথৰ মাজতে পুখুৰী সদৃশ দ’ দ’ গাঁতৰ সৃষ্টি হৈছে । প্ৰায় ১০০ খনৰো অধিক গাঁও সংযোগী অতি ব্যস্ত পথটোত পথচাৰীয়ে ভুগিছে দুৰ্ভোগ । প্ৰতিদিনে বৃদ্ধি পাইছে দুৰ্ঘটনা।
দীৰ্ঘদিন জৰাজীৰ্ণ হৈ থকা ঐতিহাসিক বৰফুকন আলিৰে যাতায়ত কৰি সমস্যাত পৰিব লগা হৈছে ছাত্ৰ- ছাত্ৰী। পথৰ দুৰৱস্থাৰ বাবেই ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ দুৰ্ঘটনাপতিত হ’ব লগা হৈছে। ইয়াৰ পাছতে আজি ঐতিহাসিক বৰফুকন আলি পৰিদৰ্শন কৰি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম বৰুৱাই কয়, “খোৱাং আৰু ডিমৌ সংযোগী এই পথটোৰ ভয়াবহ পৰিস্থিতি হৈ আছে। পথটোত দ’ দ’ গাঁত হৈ পৰাত ৰাইজে দুৰ্ভোগ ভুগিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জৰাজীৰ্ণ পথ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিছে যদিও এই পথটো মেৰামতি নকৰাত ছাত্ৰ- ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ এই পথেৰে যাতায়ত কৰি সমস্যাত পৰিছে।
সেয়ে পথটো মেৰামতি কৰিবলৈ চৰকাৰক আহ্বান জনাইছো। আনহাতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে কয়, “এই পথটোৱে বহু সমস্যা সৃষ্টি কৰিছে। ছাত্ৰ- ছাত্ৰীয়ে এই পথেৰে যাতায়তৰ কৰোঁতে বিপদত পৰিব লগা হৈছে। পথটো ডাঙৰ ডাঙৰ গাঁত হৈ পৰাত এজাক বৰষুণ দিলে পানীৰে ভৰি পৰে। ফলত প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথটোৰে যাতায়ত কৰিব নোৱাৰা অৱস্থাত সৃষ্টি হৈছে। সেয়ে আমি চৰকাৰক আহ্বান জনাইছো এই অতি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ কৰি দিয়ে যেন।
