Dipluranjan Sarma:
অসম প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সমালোচনাত পুনৰ মুখৰিত হ’ল অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শর্মা।
নগাঁও জিলাৰ চামগুৰিত বিধায়ক শর্মাই প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সমালোচনা কৰি কয়, ‘মইতো গৌৰৱ গগৈক ৰাজনৈতিক ভাৱৰীয়া বুলি কও। দায়িত্ব লোৱাৰ পাছত তেওঁ এনে কিছুমান কথা কৈ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যিবোৰে দেশৰ ক্ষতি কৰিছে। আমাৰ ধৰ্মীয় অনুভূতিত আঘাত হানিব বিচৰা কথা নক’বলৈ তেওঁক অনুৰোধ জনাও। হয়তো তেওঁ সীমান্তৰ সিপাৰৰ শ্রুতলিপিত কাম কৰিব পাৰে।’
নিজ সমষ্টি চামগুৰিৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সক্ষমতাৰে কাম কৰিছে। অসমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে গ্ৰাম্য উন্নয়নৰ পৰা ছেটেলাইটলৈকে গতি কৰিছে। আমি ৰাইজৰ মাজত থাকি কাম কৰিব লাগে।
তেওঁ লগতে কয় যে ভাৰতীয় জনতা পার্টি কংগ্রেছ নহয়। ইয়াত যি সিদ্ধান্ত ৰাষ্ট্ৰীয় নেতৃত্বই লয় সেইদৰে হ’ব। উজনি অসমত কংগ্রেছে এখনো জিলা পৰিষদ জিকিব পৰা নাই বুলি কৈ তেওঁ উজনিত কংগ্ৰেছ দুর্বল বুলি কয়।
তেওঁ কয়, ‘আমি শ্যামাপ্রসাদ মুখার্জী আৰু দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে আগুৱাই যাম। ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাই নিষ্ঠা সহকাৰে কাম কৰে। আমি ২৪ ঘণ্টাই দলৰ কাম কৰি ৰাষ্ট্ৰৰ সেৱা যাতে কৰিব পাৰো। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আছে বুলিও তেওঁ কয়।






























