Iran to close Hormuz Strait:ইৰাণে বন্ধ কৰিব হৰমুজ প্ৰণালী !

মাৰ্কিন আক্ৰমণৰ পাছতেই হৰমুজ প্ৰণালী বন্ধ কৰাৰ অনুমতি ইৰাণী সংসদৰ, হৰমুজ প্ৰণালী বন্ধ হ'লে ধ্বংস হ'ব পাৰে বিশ্বৰ অৰ্থনীতি

strit of hormuz

Iran to close Hormuz Strait:

ষ্ট্ৰেইট অৱ হৰমুজ’ অৰ্থাৎ হৰমুজ প্ৰণালী ৷ ইৰাণ আৰু ওমানৰ মাজত মাত্ৰ ৩৩ কিঃমিঃৰ এক সংকীর্ণ জলপথ হৈছে ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বা হৰমুজ প্ৰণালী। ই ইৰান আৰু ওমানৰ মাজত অৱস্থিত, পাৰস্য উপসাগৰৰ পৰা ওমান সাগৰলৈ যোৱাৰ একমাত্ৰ পথ। বিশ্ব বাণিজ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কৰিডৰ হৈছে এই হৰমুজ’ প্ৰণালী ৷ কাৰণ এই প্ৰণালীৰ মাজৰে বহি বিশ্বলৈ ৰপ্তানি হয় বিশ্বত প্ৰয়োজনীয় মুঠ ২০% খাৰুৱা তেলৰ আৰু প্ৰাকৃতিক গেছ।

এই প্ৰণালীৰ তেলৰ ওপৰত নিৰ্ভৰ চীন, ভাৰত, জাপান, দক্ষিণ কোৰিয়াৰ অৰ্থনীতি। হৰমুজ’ প্ৰণালীৰ সৈতে আছে বিশ্বৰ খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ স্বৰূপ মধ্য প্ৰাচ্যৰ ৮ খন দেশৰ উপকুলীয় সীমা। এই উপকূল অঞ্চলটোত অন্তভুৰ্ক্ত ইৰাণ, ইৰাক, কুৱেইট , কাটাৰ, চৌদি আৰৱ, বেহৰেইণ আৰু ইউএই ৷ এই ৮ খন দেশৰ ভূগৰ্ভত মজুত আছে বিশ্বৰ ৫০% খাৰুৱা তেল ৷ ইয়াৰ ওপৰিও বিশ্বৰ ৪০% প্ৰাকৃতিক গেছ মজুত আছে এই ৮ খন দেশত |

উল্লেখযোগ্য যে ,ইৰাক, কুৱেইট, কাটাৰ, বাহৰেইণৰ আৰু ইউএইৰ বাবে বহি: বিশ্বৰ সৈতে সংযোগৰ একমাত্ৰ পথ হৈছে হৰমুজ প্ৰণালী ৷ তেনেস্থলত বিশ্ববাসীৰৰ বাবে প্ৰয়োজনীয় খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ৰপ্তানি বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে হৰমুজ প্ৰণালী। এই ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ হৈ পৰিলে বিশ্ব অৰ্থনীতিত ইয়াৰ ব্যাপক প্ৰভাৱ আশংকা কৰিছে বিশেষজ্ঞ মহলে।

উল্লেখযোগ্য , আমেৰিকাৰ আক্ৰমণৰ পাছতেই ‘ হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত লৈছে ইৰাণে। হৰমুজ প্ৰণালীৰ বিষয়তে এই সম্যক তথ্য লাভৰ পাছত আপোনাৰো হয়তো মনত প্ৰশ্ন উদয় হ’ব পাৰে ৮ খন দেশৰ উপকুলীয় অঞ্চলত বিস্তৃত এই ‘ষ্ট্ৰেইট অৱ হৰমুজ’ক বন্ধ কৰাৰ সিদ্ধান্ত ইৰাণে অকলে গ্ৰহণ কৰিব পাৰে নে ? ইৰাণে নিজাববীয়াকৈ এই প্ৰণালী বন্ধ কৰাৰ ক্ষমতা আছে নে ? ইয়াৰ উত্তৰ হৈছে হয়। হৰমুজ প্ৰণালীক অকলেই নিয়ন্ত্ৰণ কৰে ইৰাণে। কাৰণ হৰমুজ প্ৰণালীত আছে ৮ টা সৰু সৰু দ্বীপ ৷ ইয়াৰে ৭ টা দ্বীপ আছে ইৰাণৰ দখলত ৷ এই দ্বীপ সমূহত আছে ইৰাণৰ সৈন্যৰ বৃহৎ সামৰিক ঘাটি। যাৰ জৰিয়তে এই সমগ্ৰ অঞ্চলক সামৰিক ভাৱে নিয়ন্ত্ৰণ কৰি আহিছে ইৰাণে।

এই হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰিলে ইয়াৰ প্ৰভাৱ অধিক পৰিমানে পৰিব৷ চীন-ভাৰত-জাপান-দক্ষিণ কোৰিয়াৰ দৰে বিশ্বৰ শক্তিশালী দেশৰ অৰ্থনীতিত। কাৰণ হৰমুজ প্ৰণালীৰ জৰিয়তে চীনলৈ ৰপ্তানি হয় দেশ খনৰ বাবে প্ৰয়োজনীয় ৪৫% খাৰুৱা তেল ৷ জাপানলৈ ৰপ্তানি হয় দেশ খনৰ বাবে প্ৰয়োজনীয় ৮০% খাৰুৱা তেল ৷ একেদৰেই ভাৰতকো প্ৰয়োজনীয় প্ৰায় ৭০% খাৰুৱা তেল আৰু ৫০% প্ৰাকৃতিক গেছ আমদামি কৰে হৰমুজ প্ৰণালী ৷ তদুপৰি দক্ষিণ কোৰিয়ায়ো ৭০% খাৰুৱা তেল আমদামি কৰে হৰমুজ প্ৰণালীৰ জৰিয়তে |

এনে প্ৰেক্ষাপটত ষ্ট্ৰেইট অৱ হৰমুজ অৰ্থাৎ হৰমুজ প্ৰণালীৰ বন্ধ হৈ পৰিলে চীন-ভৰত-জাপান-দক্ষিণ কোৰিয়াৰ দৰে দেশ সমূহৰ অৰ্থনীতি ধ্বংস হৈ যোৱাৰ শংকাই শংকিত কৰিছে সকলোকে।

Exit mobile version