Police SI Reserve Clause:
কৰ্তব্যত গাফিলতিৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল এজন আৰক্ষী উপ-পৰিদৰ্শক ৷ মহানগৰীৰ পল্টনবজাৰ থানাৰ উপ-পৰিদৰ্শক দিলীপ কুমাৰ নাথক কৰা হয় ৰিজাৰ্ভ ক্ল’জ ৷ আদালতলৈ সময়মতে কেছ ডায়েৰী পঠিওৱাত বিলম্ব কৰাৰ বিপৰীতে ডাকযোগে পঠিয়াইছিল কেছ ডায়েৰী ৷
কেছডায়েৰী প্ৰেৰণ কৰাত নিৰ্ধাৰিত নিয়ম উলংঘন কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্তালয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আজি উপ-পৰিদৰ্শক দিলীপ কুমাৰ নাথক ৰিজাৰ্ভ ক্ল’জ কৰে ৷
