Delhi: 9ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড । দিল্লীৰ ৰিথালাৰ এটা ৰাসায়নিক কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড। ঘটনাটোত চাৰিজন লোকৰ মৃত্যু হয়। স্থানীয় সূত্ৰৰ মতে, অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জুই নিৰ্বাপনৰ কাম অব্যাহত ৰাখিছে।
অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় সাত বাজি ২৫ মিনিটত কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হয়।
লগে লগে সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে। বৃহৎ পৰিমাণৰ জ্বলনশীল সামগ্ৰী জমা হৈ থকাৰ বাবেই জুই দ্ৰুতগতিত বিয়পি পৰে।
এই খবৰ পোৱাৰ লগে লগে ১৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। যুদ্ধৰকালীন তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এই ঘটনাই ঘৌটা অঞ্চলত আতংকৰ সৃষ্টি কৰে।
শেহতীয়া তথ্য অনুসৰি এতিয়াও সম্পূৰ্ণ নিয়ন্ত্ৰিত হোৱা নাই জুই।অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি কাৰখানাটোৰ ভিতৰৰ পৰা এতিয়ালৈকে চাৰিটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
কিন্তু অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, জুই নিৰ্বাপিত হোৱাৰ পাছতে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব।






























