Shubhanshu Shukla:অপেক্ষাৰ অন্ত পৰিল। মহাকাশলৈ ৰাওনা ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা। ভাৰতীয় সময় অনুসৰি ১২ বাজি এক মিনিটত মহাকাশলৈ ৰাওনা হয় এক্সিয়াম-৪।
তেওঁলোকৰ গন্তব্যস্থান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। বৰ্তমানৰ বাবে তেওঁলোক তাতেই থাকিব। বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব।
নাছা আৰু ইছৰোৰ যৌথ উদ্যোগত দলটোৱে এই কাম কৰিব। এই অভিযানৰ জৰিয়তে সুভাংশুৱে ভাৰতৰ নিজা মহাকাশ অভিযান ‘গগনযান’ৰ আধাৰশিলা স্থাপন কৰিব।
স্পেচএক্সৰ দ্বাৰা নিৰ্মিত ড্ৰেগন মহাকাশযানত উঠি সুভাংশুকে ধৰি চাৰিজন মহাকাশচাৰীয়ে আমেৰিকাৰ ফ্ল’ৰিডা এৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ গৈছিল। প্ৰথম অৱস্থাত ২৫ মে’ৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ কথা আছিল।
কিন্তু আঠ জুনলৈ পিছুৱাই দিয়া হৈছিল।তেতিয়াৰ পৰা বাৰে বাৰে যাত্ৰাৰ তাৰিখ পিছুৱাই দিয়া হৈছে। অৱশেষত বুধবাৰে অৰ্থাৎ আজি সেই দিন আহিল।






























