Bhabani Maran selected for Asian Games:
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক সুখৱৰ কঢ়িয়াই আনিছে তিনিচুকীয়াৰ ভৱানী মৰাণে ৷ অহা ২২ অক্টোবৰৰ পৰা বাহেৰাণত অনুষ্ঠিত হ’বলগীয়া তৃতীয় এছিয়ান য়ুথ গেমলৈ জুডু খেলৰ বাবে নিৰ্বাচিত হৈছে তিনিচুকীয়া জিলাৰ বাঘজানৰ ভৱানী মৰাণ ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা ভৱানী মৰাণে এছিয়া গেমৰ বাবে ব্যাপক অনুশীলনত ব্যস্ত হৈ পৰিছে ৷
চলিত বৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জুডু প্ৰতিযোগিতাত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ প্ৰতিযোগীক চেৰ পেলাই সোণৰ পদক লাভ কৰা ভৱনী মৰাণ বাঘজানৰ নিবাসী খগেন মৰাণ আৰু তৰুলতা(পখিলা)মৰাণৰ কন্যা ৷ সমগ্ৰ ভাৰতবৰ্ষৰ হৈ জুডু প্ৰতিযোগিতাৰ বাবে ১৭ বছৰ অনুদ্ধ এছিয়ান গেম খেলিবলৈ অসম কন্যা ভৱানী মৰাণক নিৰ্বাচিত কৰিছে ভাৰতীয় জুডু ফেডাৰেচন অফ’ ইণ্ডিয়াই ৷
অসম কন্যা তিনিচুকীয়াৰ সন্তান মৰাণ জনগোষ্ঠীৰ জীয়ৰী ভৱানী মৰাণে ইতিমধ্যে তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ নগৰত থকা ছাই কেন্দ্ৰত প্ৰশিক্ষক পাৰমেশ্বৰৰ তত্ত্বাৱধানত অনুশীলন চলাই আছে ৷ জুডু ফেডাৰেচনৰ নিৰ্দেশ মৰ্মে ভৱানী মৰাণৰ পাৰ্চপট ভিজা আবেদন কৰিছে পিতৃ-মাতৃয়ে ৷
কিন্তু আৰ্থিকভাবে জুৰুলা পৰিয়ালটোৱে এছিয়ান গেম খেলিবলৈ যোৱাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে ৷ বিমান ভাড়াকে ধৰি খেলৰ পোছাক আনুষংগিক ভাবে যথেষ্ট ব্যয়ৰ বাজেট হৈছে ৷ খেলুৱৈ গৰাকীৰ বিদেশ যাত্ৰাৰ বাবে ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা কোনো আৰ্থিক সহযোগিতা বৰ্তমানলৈকে আগবঢ়োৱা নাই বুলি জানিব পৰা গৈছে ৷




































