Donald Trump’s outburst of anger: শান্তি নির্মাতা হ’বলৈ অত্যুৎসাহী হৈ পৰা ট্রাম্পৰ ক্ষোভৰ উদগীৰণ

সিহঁতে কি কৰি আছে নিজেই নাজানে ,ৰাষ্ট্ৰপতিৰ মুখত ফুটিল অশ্লীল শব্দ, যুদ্ধবিৰতি ভংগ নকৰিবলৈ আহ্বান

donald trump

Donald Trump’s outburst of anger:

ইজৰাইল আৰু ইৰানৰ প্ৰতি তীব্র অসন্তুষ্ট হৈছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। মঙলবাৰে দ্য হেগত অনুষ্ঠিত নাটোৰ সন্মিলনত অংশগ্ৰহণৰ বাবে হোৱাইট হাউছ ত্যাগৰ পূৰ্বে ট্রাম্পে প্রদর্শন কৰে চূড়ান্ত বিৰক্তি। কিয়নো ট্রাম্পৰ মতে দুয়োখন দেশ যুদ্ধবিৰতিত উপনীত হৈছে।

তেওঁ কয়, ‘১২ দিনীয়া যুদ্ধৰ অন্ত পেলাবলৈ তেওঁৰ দ্বাৰা প্ৰস্তাৱিত যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে ৰাষ্ট্ৰ দুয়োখনে।’ ইজৰাইল আৰু ইৰানৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি ট্রাম্পে কয় যে দুই ৰাষ্ট্ৰই তেওঁৰ ‘সম্পূৰ্ণ আৰু সামগ্রিক যুদ্ধবিৰতি’ক ধ্বংস কৰিলে। বিমানত উঠাৰ পূৰ্বে ট্রাম্পে দাবী কৰে যে ‘সিহঁতে (ইজৰাইল আৰু ইৰান) নাজানে যে কি… (অশ্লীল) কৰি আছে?’ ইয়াৰ পাছত ট্রাম্পে ইজৰাইলক বোমা নিক্ষেপ বন্ধ কৰিবলৈ কয় সামাজিক মাধ্যমৰ প’ষ্টত।

তদুপৰি লিখিছে, ‘যদি তোমালোকে বোমা নিক্ষেপ কৰা তেন্তে ই হ’ব গুৰুতৰ উলংঘন। ততালিকে তোমালোকৰ পাইলটসকলক ঘৰলৈ ওভতাই আনা।’ সোমবাৰে ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও চাৰিজন ইজৰাইলী নিহত হোৱাৰ পাছত আৰু ইজৰাইলে সূর্যোদয়ৰ পূৰ্বে ইৰানৰ বাহিনীৰ ঘাটিত বিমান আক্ৰমণ কৰাৰ পাছত দুই পক্ষই চুক্তি মানি লৈছিল।

সামাজিক মাধ্যমত যুদ্ধবিৰতি ঘোষণা কৰি মার্কিন ৰাষ্ট্ৰপতিয়ে কয়, ‘এতিয়া যুদ্ধবিৰতি কাৰ্যকৰী হৈছে। অনুগ্ৰহ কৰি উলংঘন নকৰিব।’ অৱশ্যে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ কিছু ঘণ্টা পাছতে ইজৰাইলৰ উত্তৰ প্রান্তত শুনিবলৈ পোৱা গ’ল আক্ৰমণৰ সংকেত ধ্বনি আৰু বিস্ফোৰণৰ শব্দ।

এই কার্যত অগ্নিশর্মা হৈ পৰে ট্রাম্প। বিগত সময়ছোৱাত শান্তি স্থাপনৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ আগ্রহ প্রকাশ কৰা ট্রাম্পে কয়, ‘ইজৰাইলে আমি চুক্তি কৰাৰ লগে লগে ইয়াক ভংগ কৰি বোমাবোৰ পেলালে। এনে বৃহৎ পৰিমাণৰ বোমা নিক্ষেপ আমি পূর্বতেও কেতিয়াও দেখা নাই।’ তাৰ পাছত ট্রাম্পে সাংবাদিকক কয়, ‘আপোনালোকে জানেনে কি হৈছে? দুখন দেশে দীর্ঘদিন ধৰি যুদ্ধ কৰি আছে আৰু ইমানেই যুঁজিছে যে তেওঁলোকে নাজানে যে কি… কৰি (অশ্লীল) আছে।’

অৱশ্যে এই কথা কোৱাৰ কিছু মুহূৰ্তৰ পাছতে ট্রাম্পে সুৰ সলনি কৰে আৰু পুনৰ শান্তিৰ আশাত বন্দী হয়। ট্রাম্পে কয়, ‘ইজৰাইলে ইৰানক আক্রমণ নকৰে। সকলোবোৰ বিমান ঘৰলৈ ঘূৰাই অনা হ’ব। ইজৰাইলে ইৰানলৈ বন্ধুত্বসুলভ ‘বিমান লহৰ’ তুলিছে। কোনো আঘাতপ্রাপ্ত নহয়, যুদ্ধবিৰতি কাৰ্যকৰী হৈছে।’ পুনৰ ট্রাম্পৰ দাবী, ‘ইৰানে কেতিয়াও পাৰমানৱিক কেন্দ্ৰ স্থাপন নকৰে।’

ইপিনে, ট্রাম্পৰ এই ভাষ্যৰ পূৰ্বে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজেই কয় যে তেওঁ তেহৰানত নতুন আঘাত হানিবলৈ সামৰিক বাহিনীক নির্দেশ দিছে। ইৰানে ইজৰাইলৰ অভিযোগ নস্যাৎ কৰে আৰু কয় যে ইজৰাইলে যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ সময়ৰ পূৰ্বে প্ৰায় ডেৰ ঘণ্টা ধৰি আক্ৰমণ চলাইছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ আৰাঘচিয়ে কয় যে ইজৰাইলে যদি বন্ধ কৰে তেন্তে ইৰানেও আক্রমণ বন্ধ কৰিব। ইয়াৰ পাছত ইজৰাইলে নিশ্চিতি দিয়ে যে তেওঁলোকৰ অভিযানৰ লক্ষ্য সাধন হৈছে আৰু সেয়েহে শত্রুতাৰ পৰা বিৰত থাকিব।

Exit mobile version