Leveraging Space Technology Application For Viksit Bharat:
মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগে ত্বৰান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰু)ই মঙ্গলবাৰে গুৱাহাটীত আয়োজন কৰা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত মহাকাশ প্ৰযুক্তি আৰু অনুপ্ৰয়োগৰ উপযোগিতাৰ সদ্ব্যৱহাৰ বিষয়ক এখন গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলন উদ্বোধন কৰি এই মত পোষণ কৰে ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই।
গুৱাহাটীৰ বশিষ্ঠস্থিত ‘আছাম ৱাটাৰ চেণ্টাৰ’ত ইছৰ’ই উত্তৰ পচৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰ (নেছাক) আৰু অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এছাক)ৰ যৌথ সহযোগিতাত অনুষ্ঠিত কৰা ‘২০৪৭ চনত বিকশিত ভাৰতৰ বাবে মহাকাশ প্ৰযুক্তি অনুপ্ৰয়োগৰ উপযোগিতা’ শীৰ্ষক আঞ্চলিক সন্মিলন এখন মঙ্গলবাৰে আগবেলা আনুষ্ঠানিকভাৱে মন্ত্ৰী মহন্তই মুকলি কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী মহন্তই কয়, ‘মহাকাশ ভিত্তিক সেৱা, বিশেষকৈ ৰিম’ট চেন্সিং আৰু উপগ্ৰহ যোগাযোগ, দেশৰ অৰ্থনৈতিক সম্বৃদ্ধি আৰু সমাজৰ মংগলৰ দিশত দিনে দিনে অধিক গুৰুত্বপূৰ্ণ হৈ আহি আছে।
বিভিন্ন প্ৰত্যাহ্বানৰে সন্মুখীন হোৱাৰ বাবে বাস্তৱ সময় আধাৰিত তথ্য আৰু সমিধান প্ৰদান কৰি মহাকাশ প্ৰযুক্তি আধাৰিত ব্যৱস্থাপনাই কৃষি, পৰিৱেশ নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, সম্পদ ব্যৱস্থাপনা, আৰু যোগাযোগ আৰু স্বাস্থ্যসেৱাৰ উপলব্ধতা সুনিশ্চিতকৰণত উল্লেখনীয় অৰিহণা যোগাব পাৰে।’ গুৰুত্বপূৰ্ণ সন্মিলনত বাংগালোৰৰ ইছৰ’ৰ মূখ্য কাৰ্যালয়স্থিত ‘ধৰিত্ৰী নিৰীক্ষণ অনুপ্ৰয়োগ আৰু দুৰ্যোগ ব্যৱস্থাপনা সঁহাৰি কাৰ্যসূচী কাৰ্যালয় (ইডিপিঅ)ৰ সঞ্চালক ড০ জে ভি থ’মাছ, শ্বিলংস্থিত উত্তৰ-পূৱ পৰিষদৰ পৰিকল্পনা উপদেষ্টা চোম কামেই, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ গোপাল ঝা, নেছাকৰ সঞ্চালক ড০ এছ পি আগৰৱালায়ো ভাগ লোৱা এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মহাকাশ প্ৰযুক্তি এতিয়া কেৱল ৰকেট আৰু মিছনত আবদ্ধ হৈ থকা নাই। উন্নয়ন, শাসন আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে ই এক শক্তিশালী আহিলা হৈ পৰে।
মহাকাশ প্ৰযুক্তি আৰু অনুপ্ৰয়োগে আজি দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’ তেওঁ উল্লেখ কৰে যে মহাকাশ প্ৰযুক্তিয়ে দেশৰ প্ৰগতি নিৰ্ভৰ কৰা মহত্বপূৰ্ণ খণ্ডসমূহৰ মূল প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ ক্ষেত্ৰত প্ৰভূত সহায় কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিতকৰণৰ দিশতো পৰ্যাপ্ত সুযোগ উপলব্ধ কৰিছে। প্ৰধানকৈ সম্পদ ব্যৱস্থাপনা, দুৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ পৰিকল্পনাৰ বাবে উপগ্ৰহৰ তথ্য আৰু ভূ-স্থানীয় প্ৰযুক্তি ব্যৱহাৰ কৰাত মহাকাশ প্ৰযুক্তি প্ৰয়োগৰ বহুল ব্যৱহাৰত মনোনিৱেশ কৰাৰ এতিয়া সময় আহিছে। কৃষি, বন, জলবিজ্ঞান, আৰু আন্তঃগাঁথনি উন্নয়নত প্ৰয়োগ অন্তৰ্ভুক্ত, দুৰ্যোগ ব্যৱস্থাপনা, বিশেষকৈ বান সতৰ্কবাণী ব্যৱস্থাৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তি তথা অনুপ্ৰয়োগৰ বিশেষ উপযোগিতা আছে।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যক সামৰি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এছাকৰ সঞ্চালক ড০ পি এল এন ৰাজুৰ লগতে ইছৰ’ আৰু নেছাকৰ জেষ্ঠ বিষয়া তথা বিজ্ঞানী আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু চিক্কিম চৰকাৰৰ বিষয়াবৰ্গই এই উদ্বোধনী অনুষ্ঠানত ভাগ লয়।






























