Cloudburst :ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচলৰ কেবাখনো জিলাত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে কেবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ উপৰিও চম্বা, কংৰা, মাণ্ডী, চিমলা আৰু ছিৰমৌৰ জিলাতো সতৰ্কতা জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ২৬ আৰু ২৭ জুনত বৰষুণ বৃদ্ধি হোৱাৰ আশংকা। দুই জুলাইলৈকে অব্যাহত থাকিব বৰষুণ ।বুধবাৰে পালমপুৰত সৰ্বাধিক বৰষুণ (১৪৫ মিলিমিটাৰ) হয়।
ইয়াৰ পাছত নাহন (৯৯ মিলিমিটাৰ), পাওন্তা চাহিব (৫৮ মি.মি.), ধৰ্মশালা (৫৪ মি.মি.), কংগ্ৰা (৪৪ মি.মি.), নৰকণ্ডা (৪০ মিলিমিটাৰ), কচৌলি (২২ মি.মি.), মাণ্ডী (১৬ মি.মি.) আৰু শিমলাত ১৪ মিলিমিটাৰ বৰষুণ হয়।
প্ৰচণ্ড বৰষুণৰ বাবে বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে। ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি ৰাজ্যৰ ৩০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭১ নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলন আৰু বৰষুণৰ বাবে বন্ধ হৈ পৰিছে।
ইয়াৰ বাবেই পৰ্যটকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে। দুৰ্যোগৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰিছে পৰ্যটক।
তথ্য অনুসৰি বিমান সেৱাও ব্যাহত হৈ পৰিছে । বুধবাৰে কুল্লু জিলাৰ তিনিটা স্থানত ডাৱৰ বিস্ফোৰণৰ সংঘটিত হয়। ইয়াৰ বাবেই হৰপ্পা বানৰ সৃষ্টি হয়। আনহাতে, কাংৰাতো ডাৱৰ বিস্ফোৰণ সংঘটিত হয়।
ইয়াৰ বাবেই দুখন জিলাত প্ৰাকৃতিক দুৰ্যোগৰ তাণ্ডৱ চলিছে। এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হৈছে।
স্থানীয় সূত্ৰ অনুসৰি, কুল্লুৰ সাইঞ্জ উপত্যকাৰ শনশ্বৰ, শ্বানগাৰ আৰু চুচাইহানত আবদ্ধ হৈ আছে প্ৰায় দুই হেজাৰ পৰ্যটক।
এই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল ছৈঞ্জৰ জিবানালা, গডছাৰ শিলাগড়, মানালীৰ সমীপৰ স্নো গেলেৰী, বঞ্জাৰৰ হৰনগড়, ধৰ্মশালাৰ খনিয়াৰা।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।






























