Himachal Pradesh Flash Flood: প্ৰচণ্ড বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশ। এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণৰ বাবে এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছয়জন নিৰুদ্দেশ হৈছে। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰৰ কাম আৰম্ভ হৈছে।
কাংৰা আৰু কুল্লু জিলাত ব্যাপক ক্ষয়ক্ষতি হৈছে।ইতিমধ্যে কংৰা জিলাৰ মনুনি খাদৰ পৰা উদ্ধাৰ হৈছে দুটা মৃতদেহ। এতিয়াও সন্ধানহীন হৈ আছে ছয়জন লোক। নিৰুদ্দেশ হোৱা লোকসকল মূলতঃ ইন্দিৰা প্ৰিয়াদৰ্শিনী জলবিদ্যুৎ প্ৰকল্পৰ সমীপৰ অস্থায়ী শিবিৰত থকা শ্ৰমিক।
ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।কুল্লু জিলাতো মুষলধাৰ বৰষুণৰ ফলত অত্যাধিক ক্ষতিগ্ৰস্ত হৈছে। সূত্ৰৰ অনুসৰি, ৰেহলা বিহলত তিনিজন লোক সন্ধানহীন হৈ আছে।
কুল্লু জিলাৰ বিপাছা আৰু ছতলেজ নদী বিপদ সীমাৰ ওপৰেৰে গৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাণ্ডোহ মথাউৰিৰ দুৱাৰ মুকলি কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে ২৯ জুনলৈকে কেবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে।
লগতে আকস্মিক বান আৰু ভূমিস্খলনৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। জনসাধাৰণক নদীৰ পাৰ আৰু নিম্নভূমিৰ পৰা আঁতৰি আহিবলৈ কোৱা হৈছে। তদুপৰি একেবাৰে প্ৰয়োজনীয় নহ’লে ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।






























