হিমাচলত প্ৰকৃতিৰ বিধ্বংসী ৰূপ! উদ্ধাৰ ২৫০, কমেও পাঁচজনৰ মৃত্যু

IMG 20250627 125556

Himachal: পুনৰ প্ৰকৃতিৰ ৰুদ্ৰৰোষৰ বলি হৈছে হিমাচল প্ৰদেশ। বুধবাৰে হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। এই বানে বহু লোকক উটুৱাই নিয়ে।

চৰকাৰী সূত্ৰ অনুসৰি দুৰ্যোগ ব্যৱস্থাপনা দলৰ তৎপৰতাৰ বাবে এই পৰ্যন্ত ২৫০ জনতকৈ অধিক লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।উদ্ধাৰ হৈছে পাঁচটা মৃতদেহ। অৱশ্যে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। অব্যাহত আছে অভিযান ।

হিমাচলৰ কুল্লু জিলাত আকস্মিক বানৰ বাবে বন্ধ হৈ পৰিছে সাইঞ্জ উপত্যকাৰ সংযোগী পথ। কেবাখনো সৰু সৰু দলংও পানীত জাহ গৈছে। আৱদ্ধ হৈ আছে বহু পৰ্যটক।

প্ৰশাসনে তেওঁলোকক উপযুক্ত সহায় আগবঢ়াবলৈ চেষ্টা চলাইছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে আজি ৰাজ্যৰ সকলো জিলা প্ৰশাসকক সজাগ হৈ থাকিবলৈ আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।

কাংগ্ৰাৰ আৰক্ষী অধীক্ষক শলিনী অগ্নিহোত্ৰীয়ে সংবাদ সংস্থাটোক জনোৱা মতে, “আকস্মিক বানত কেবাজনো লোকক উটুৱাই লৈ গৈছে। তেওঁলোকক উদ্ধাৰৰ বাবে এছডিআৰএফ আৰু স্থানীয় আৰক্ষীয়ে কাম কৰি আছে। এতিয়ালৈকে ২৫০ জন লোকক জীৱিত অৱস্থাত সফলতাৰে উদ্ধাৰ কৰা হৈছে যদিও কেবাজনো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে।”

একে সময়তে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এই বানত উটুৱাই নিয়াৰ ফলত কেবাজনো লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত পাঁচটা মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰে চাৰিটা চিনাক্ত কৰা হৈছে।

মুখ্যমন্ত্রী কার্যালয়ৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে আজি হিমাচল প্রদেশৰ মুখ্যমন্ত্রীয়ে চিমলাৰ পৰা জিলা প্রশাসনৰ স’তে ভার্চুৱেল বৈঠকত মিলিত হৈ ৰাজ্যখনৰ পৰিস্থিতি পর্যালোচনা কৰিব৷

তেওঁ সকলো জিলা প্ৰশাসকক যুদ্ধকালীন তৎপৰতাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

Exit mobile version