Book Release: আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নেন’ পদাৰ্থ বিজ্ঞানী তথা শিশু সাহিত্যিক ড° চুইটি শৰ্মাৰ জীৱন প্ৰেৰণাদায়িনী গ্ৰন্থ ” সোণ- দ্যা গ’ল্ডেন চাইল্ড (ইক’চ অৱ দ্যা পাষ্ট) আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।
অগ্ৰণী প্ৰকাশন”প্ৰজ্ঞা মিডিয়া হাইপে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সু-সাহিত্যিক পদ্মশ্ৰী এলি আহমেদৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া তথা লেখক ড° নন্দ সিং বৰকলা আৰু বিশিষ্ট শিশু সাহিত্যক তথা সাহিত্য অকাডেমি বঁটা বিজয়ী বন্দিতা ফুকনে ।
লেখিকা ডঃ ছুইটি শৰ্মাৰ প্ৰয়াত পিতৃ ডা° দীন নাথ শৰ্মাৰ জীৱনৰ পৰিক্ৰমাৰে অৱধাৰিত গ্ৰন্থখন মূলত শিশু উপযোগী যদিও সকলো শ্ৰেণীৰ লোককে অনুপ্ৰাণিত কৰিব পৰা এখন গ্ৰন্থ
। উল্লেখযোগ্য যে উন্মোচক এলি আহমেদৰ বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা আজিৰ উন্মোচনীত গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি শিশু সাহিত্যক বন্দিতা ফুকনে কয় যে সাহিত্য জগতত আজি এখন নতুন গ্ৰন্থ সংযোজিত হ’ল বিশেষকৈ শিশু সাহিত্যৰ বাবে আজি এক উল্লেখনীয় দিন।চুইটি শৰ্মাৰ শিশু ভিত্তিক এই উপন্যাসখনে পঢ়ি থাকিলে ঘটনা সমূহে কাহিনী সমূহে দৃশ্য শ্ৰাব্য হৈ মনত ধৰা দিয়ে।
নিজৰ উন্মোচনী ভাষণত বিশিষ্ট শিশু সাহিত্যক গৰাকীয়ে গ্ৰন্থৰ চিত্ৰাৱলীল উপৰতো মননশীল মন্তব্য আগবঢ়ায়। আজিৰ সভাত অন্য এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি ড° নন্দ সিং বৰকলাই নিজৰ শ্ৰুতিমধুৰ ভাষণত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সাম্প্ৰতিক সময়ৰ শিশুৰ মানসিক বিকাশ আৰু উত্তৰণত গ্ৰন্থ গুৰুত্ব আৰু পৰিয়ালৰ ভূমিকাৰ বিষয়ে বক্তব্য কৰাৰ লগতে গ্ৰন্থখন লেখিকাৰ জীৱনৰ উদযাপন বুলি উল্লেখ কৰে।
অনুষ্ঠানৰ অন্যগৰাকী উন্মোচক পদ্মশ্ৰী এলি আহমেদে শিশু উপযোগী এনে এখন গ্ৰন্থ প্ৰণয়ণ কৰা লেখক আৰু প্ৰকাশৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। প্ৰখ্যাত চিকিৎসক ডা° দীননাথ শৰ্মাৰ স্মৃতিত জিয়ৰী চুইটি শৰ্মাই প্ৰণয়ণ কৰা গ্ৰন্থখনৰ উন্মোচনী সভাৰ প্ৰাক মূহুৰ্তত দীন নাথ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শৰ্মাৰ পত্নী মঞ্জুলা শৰ্মাই। আজিৰ আড়ম্বপূৰ্ণ সভাখনৰ আঁত ধৰে আৰাধনা কাশ্যপ আৰু ময়ূৰী দত্তই।






























