Air India Plane Crash: ১২ জুন দুপৰীয়া। বিজে মেডিকেল কলেজৰ হোষ্টেলত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান। দুৰ্ঘটনাটোত ২৪১ জন লোক মৃত্যু মুখত পৰে। সমগ্ৰ দেশ শোকত ভাগি পৰে।
দুৰ্ঘটনাটোৰ ঠিক পিছদিনা এয়াৰ ইণ্ডিয়াৰ সহযোগী কোম্পানী আইছাটছ (AISATS (Air India SATS Airport Services Private Limited))ৰ গুৰুগ্ৰাম কাৰ্যালয়ত এক উদ্দাম পাৰ্টি অনুষ্ঠিত হয়। খাদ্য-পানীয়ৰ পৰা আৰম্ভ কৰি নাচ-গানলৈকে একো বাদ পৰি নৰ’ল। পাৰ্টিত কেবাজনো জ্যেষ্ঠ কৰ্মচাৰীও উপস্থিত থাকে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল আইছাটছৰ কৰ্মী দলৰ ভিডিঅ’ । ইয়াৰ পাছতে আৰম্ভ হ’ল বিতৰ্ক। পাৰ্টিত নাচ-গান কৰি ফুৰ্তি কৰি থকা ভিডিঅ’টো দেখি নেটিজেনসকল ক্ষোভিত হৈ পৰে ।
তথ্য অনুসৰি, পাৰ্টিৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে আইছাটছে চাৰিজন জ্যেষ্ঠ কৰ্মচাৰীক নিলম্বন কৰিছে। লগতে একাংশ কৰ্মচাৰীক সকীয়াই দিয়া হৈছে। AISATS ৰ এগৰাকী মুখপাত্ৰই কয়, “ভাইৰেল ভিডিঅ’টোৰ বাবে আমি অনুতপ্ত। এইয়া পাৰ্টি কৰাৰ উপযুক্ত সময় নাছিল।এই কাণ্ড আমাৰ মূল্যবোধৰ লগত খাপ নাখায়। ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”






























