Police have not been able to arrest the accused: যুৱ উদ্যোগীৰ মৃত্যুৰ সাত দিন পাছতো আৰক্ষীয়ে ধৰিব পৰা নাই অভিযুক্তক

তদন্তকাৰী বিষয়াও সলনি: ক্ষোভ প্রকাশ পৰিয়ালৰ: ন্যায় প্ৰদানৰ দাবী দল-সংগঠনৰ

kahilipara new

যোৱা ২১ জুনত মহানগৰীৰ কাহিলিপাৰাৰ ভাড়ালৈ লোৱা ফ্লেটত পৱন হাজৰিকা নামৰ এজন যুৱ উদ্যোগীয়ে আত্মহত্যা কৰা ঘটনাৰ প্রতিক্রিয়া তীব্ৰতৰ হৈছে। দুটাকৈ আত্মহত্যাৰ টোকাৰ পৰা আৰক্ষীৰ লগতে পৰিয়ালৰ লোকো নিশ্চিত হৈছে যে মানসিক নির্যাতন সহ্য কৰিব নোৱাৰি ২৯ বছৰীয়া পৱনে আত্মহত্যাৰ পথ বাছি লৈছিল।

টোকাত তেনে নির্যাতন চলোৱা তিনিজন লোকৰ নামো উল্লেখ কৰা হৈছে তাৰে অংকিত কুমাৰক ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বিকাশ চিছোদিয়া আৰু নিলয় কুমাৰক অদ্যাপি ঢুকি নোপোৱাৰ অভিযোগ উঠিছে। বিকাশ চিছোদিয়া গুৱাহাটীকে ধৰি ৰাজ্যৰ কে’বাখনো জিলাত থকা ‘প’টেনচিয়েল’ নামৰ এটা ক’চিং চেণ্টাৰৰ গৰাকী।

আনহাতে, নিলয় হ’ল দিল্লীৰ বাসিন্দা। পৱনৰ মোমায়েক পংকজপাণি শইকীয়াই ক্ষোভৰে কয় যে তেওঁৰ ভাগিনিয়েকে আত্মহত্যা কৰা নাই। বৰঞ্চ পৰোক্ষভাৱে হত্যা কৰা হৈছে। অথচ এজন হত্যাৰ অভিযুক্তক অদ্যাপি আৰক্ষীয়ে ধৰিব নোৱাৰাত তেওঁলোক যথেষ্ট হতাশ হৈছে। ইয়াৰ মাজতে ঘটনাটোৰ তদন্তকাৰী বিষয়াকো সলনি কৰাক লৈ শইকীয়াই গভীৰ উদ্বেগ ব্যক্ত কৰে।

উল্লেখ্য যে ধৃত অংকিত কুমাৰৰ ‘এফিনিটী’ নামৰ এটা ক’চিং চেণ্টাৰ আছে। কাহিলিপাৰা আৰু ৰাজগড়ত শাখা থকা ক’চিং চেণ্টাৰটোৰ আৰ্থিক লোকচানৰ মাজতে অংকিতৰ লগত ছাঁটোৰ দৰে পূৰ্বৰে পৰা থকা পৱনে ক’চিং চেণ্টাৰটো ক্ৰয় কৰে। চুক্তি অনুসৰি ক্ৰয় মূল্যৰ অধিক ধনেই পৱনে অংকিতক আদায় দিছিল। বাকী ধনখিনি জুলাইৰ ভিতৰত দিয়াৰ কথা আছিল। আনহাতে, কেন্দ্রটোৰ নিজাকৈ দায়িত্ব লৈ পৱনে কম দিনৰ ভিতৰতে যথেষ্ট সংখ্যক ছাত্র-ছাত্রী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

অভিযোগ অনুসৰি, তেতিয়া অংকিতে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বাকী থকা ধনখিনি আদায় দিবলৈ পৱনক হেঁচা দিছিল। বিকাশ চিছোদিয়া আৰু দিল্লীৰ পৰা নিলয় কুমাৰেও ইয়াকে লৈ তীব্র চাপ সৃষ্টি কৰিছিল। তদুপৰি বিভিন্ন ধৰণে হাৰাশাস্তি তথা মানসিক নির্যাতন চলোৱাৰ অভিযোগো  উত্থাপিত হৈছে। তেনে পৰিস্থিতিতে তীব্র মানসিক চাপত ভুগি পৱনে আত্মহত্যাৰ পথ বাছি লয়।

পৰিয়ালৰ লোকৰ তথ্য অনুসৰি, পৱনে অংকিতক বাকী থকা ধনখিনি আদায় দিবলৈ বিভিন্ন ধৰণে চেষ্টও চলাইছিল। কিন্তু সফল নোহোৱাত শেষত আত্মহত্যা কৰে।

পৱনক এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ কৰি অভিযুক্তক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই শুকুৰবাৰে লখিমপুৰতো তীব্র প্রতিবাদ সাব্যস্ত কৰা হয়। বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি কে’বাটাও সংগঠনে এই প্রতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পৱনৰ ঘৰ আছিল লখিমপুৰৰ ঢলপুৰত। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন কে’বাটাও সংগঠনেও পরন হাজৰিকাৰ মৃত্যুৰ শীঘ্ৰে ন্যায় দাবী কৰিছে।

আছুৰ সভাপতি উৎপল শর্মাই কয় যে অসমীয়া বিদ্বেষী এটা চক্রই সফল অসমীয়া যুৱ ব্যৱসায়ী পৱন হাজৰিকাক বিভিন্ন ধৰণে অহৰহ মানসিক নির্যাতন চলাই আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য কৰে। তাৰ পাছতো বিকাশ চিছোদিয়া আৰু নিলয় কুমাৰক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও শৰ্মাই প্রশ্ন কৰে।

Exit mobile version