Ias Officers in Rajasthan:
কেন্দ্রৰে হওক বা ৰাজ্য চৰকাৰৰে হওক বা ৰাজ্য চৰকাৰেই হওক চৰকাৰী কামকাজত আইএএছ বিষয়াবৰ্গৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ বুলি চলি অহা এক ধাৰণাৰ ভিত্তি কিমান সম্প্রতি তাক ফঁহিয়াই চোৱাৰ থকা সুযোগ প্রদান কৰিলে স্বয়ং এজন জ্যেষ্ঠ আইএএছ বিষয়াই।
ৰাজস্থান চৰকাৰৰ শক্তি বিভাগৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় প্রশাসনিক সেৱা (আইএএছ)ৰ বিষয়া অজিতাভ শর্মাই কয় যে দৰাচলতে আইএএছ বিষয়াবৰ্গই কৰা কামৰ ৮০ শতাংশৰো অধিক কাম প্রধান কাম নহয়। জ্যেষ্ঠ আইএএছ বিষয়াজনে এনে মন্তব্য কৰাৰ লগে লগে বহুতৰে মনত প্রশ্ন উত্থাপন হৈছে যে প্ৰচুৰ মেধাৰ গৰাকী এইসকল বিষয়াৰ জ্ঞান-দক্ষতাৰ উপযুক্ত ব্যৱহাৰ দেশ তথা জনতাৰ কল্যাণমূলক কামত হোৱা নাই নেকি?
একপ্ৰকাৰ নিজক লৈ আক্ষেপ প্ৰকাশ কৰি জ্যেষ্ঠ আইএএছ বিষয়াজনে সামাজিক মাধ্যমত কয়, ‘আমাৰ ৮০ শতাংশৰো অধিক কাম জড়িত থাকে সকলো বিভাগে অংশগ্ৰহণ কৰা বিষয় নির্দিষ্ট নকৰা সভাত অংশগ্রহণ, মানৱ সম্পদ সম্পর্কীয় বিষয় চম্ভালা, আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়, স্বচ্ছতা সম্পর্কীয় বিষয় আৰু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য প্রদান, বাতৰিৰ প্ৰত্যুত্তৰ, গতানুগতিক যোগাযোগ আৰু সকলো ধৰণৰ প্ৰতিবেদন প্রস্তুতৰ স’তে।’ তেওঁ এনে ধৰণৰ কামসমূহক আইএএছ বিষয়াবৰ্গৰ প্ৰধান কাম নহয় বুলি আখ্যা দিছে।
প্রশাসনিক চক্ৰৰ সকলো কামেই সমানে প্রত্যাহ্বানজনক বুলি থকা ধাৰণাক লৈয়ো শৰ্মাই প্রশ্ন উত্থাপন কৰিছে। তেওঁ কয়, ‘পালন কৰিবলগীয়া সকলো দায়িত্বৰ জটিলতা সমান বুলি থকা ভাবধাৰাক মানি ল’বলৈ মই নিজকে পতিয়ন নিয়াব পৰা নাই। সম্ভৱতঃ এই বাকধাৰাৰ আমিও অংশ হৈ থকা প্রশাসনিক সেৱাসমূহৰ সামগ্ৰিক পৰম্পৰাগত ধাৰণাৰ পৰা উদ্ভৱ হৈছে।’ এনে ধৰণৰ অ-প্রধান কাম অধিক কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আইএএছ বিষয়াবৰ্গৰ বিভাগ নির্দিষ্ট লক্ষ্যৰ প্ৰতি দৃষ্টি হেৰাই যায় বুলিও তেওঁ মন্তব্য কৰিছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে প্রশাসনিক আনুষ্ঠানিকতাৰ অন্তহীন মেৰপেচত এই বিষয়াবৰ্গ সোমাই পৰে।
ফলত খণ্ডভিত্তিক কাম আৰু ইয়াৰ প্ৰতি গভীৰ দৃষ্টি দিয়াৰ স’তে তেওঁলোকে আপোচ কৰিবলগীয়া হয়। আইএএছ বিষয়াবর্গই সম্পাদন কৰিবলগীয়া প্রধান আৰু অ-প্রধান দায়িত্ব বা কামৰ মাজত শৰ্মাই এক স্পষ্ট ৰেখা অংকন কৰিছে। তেওঁৰ মতে, সভা-সমিতি, আদালতত গোচৰ সম্পৰ্কীয় আৰু নিয়মীয়া যোগাযোগ হৈছে অ-প্রধান কাম। পানী, শক্তি, শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিৰ কামত হাতে-কামে জড়িত হোৱাটোক তেওঁ প্রধান কাম আখ্যা দিছে। এই সম্পর্কত তেওঁ কয়, ‘যদিও সকলো বিভাগৰ সাধাৰণ কামসমূহ গুৰুত্বপূৰ্ণ, কিন্তু মূল কামসমূহত গুৰুত্ব দিবলৈ সময় নাথাকে। বিভাগীয় মূল কামসমূহ সফলভাৱে সম্পন্ন কৰাটোহে এটা আচল প্রত্যাহ্বান আৰু ই সংস্থা আৰু সমাজৰ প্ৰতি সঁচা বৰঙণি।’
এই ক্ষেত্রত এক সাৱধানবাণী শুনাই জ্যেষ্ঠ আইএএছ বিষয়াজনে মতপোষণ কৰে যে বিভাগীয় মূল কামসমূহৰ প্ৰতি স্থায়ী অৱহেলাই কেৱল উদ্ভাৱনকে স্থৱিৰ নকৰে। ইয়ে এজন বিষয়াৰ মনত দক্ষ প্রশাসকৰ ভুৱা ধাৰণা গঢ় দিব পাৰে। এনে অৱস্থাই সর্বশেষত সেৱা যোগানত ক্ষতি কৰে বুলি তেওঁ মন্তব্য কৰিছে। সম্প্ৰতি ৰাজস্থান চৰকাৰৰ এই জ্যেষ্ঠ বিষয়াজনে প্রধান কামৰ প্ৰতি নিজৰ ৮০ শতাংশ সময় উৎসৰ্গা কৰাৰ সংকল্প লৈছে। ইয়াৰ দ্বাৰা তেওঁ প্ৰচলিত কর্ম সম্পাদন পদ্ধতিয়ো সলনি কৰা বাবে সংকল্পবদ্ধ হৈছে।
