Illegal Stones Mining:
কোটি কোটি টকাৰ ৰাজহ ফাকিৰে লুণ্ঠনৰাজ চলোৱা কুখ্যাত আৰএছ গান্ধী বাহিনীয়ে নগাঁও-কার্বি আংলং জিলাৰ সীমামূৰীয়া পানীমাৰাত ভয়াৱহভাবে প্রকৃতি ধ্বংস কৰিছে। দিছপুৰৰ প্ৰভাৱশালী চক্ৰক হাতৰ মুঠিত ৰাখি ন্যায়ালয়ৰ নিৰ্দেশকো উলংঘা কৰি পানীমাৰাত শিলৰ খনন কৰি বিভিন্ন স্থানলৈ সৰবৰাহ অব্যাহত ৰাখিছে এই কুখ্যাত গান্ধী বাহিনীয়ে।
অভিযোগ অনুসৰি, ২০২৩লৈকে আৰএছ গান্ধী বাহিনীয়ে কে’বাশ কোটি টকাৰ ৰাজহ ফাকি দি শিলৰ বেপাৰৰ জৰিয়তে লুণ্ঠন চলায়। ইয়াকে কৰিবলৈ এই অসাধু চক্রই শিলৰ দেৱাল বান্ধি অঞ্চলটোৰ প্রাকৃতিক জুৰিও বন্ধ কৰি পেলায়। উল্লেখ্য যে পূব কার্বি আংলং বন সংমণ্ডলৰ অধীনৰ উত্তৰ-পশ্চিম পার্কুপ পাহাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পানীমাৰা এক, পানীমাৰা দুই আৰু পানীমাৰা তিনি নম্বৰস্থিত মুঠ তিনিটা শিলৰ মহল ১২ বছৰৰ বাবে চুক্তিপত্ৰৰ জৰিয়তে এই কুখ্যাত চক্রই মাটিৰ গৰাকী কণিকা ৰংহাংপীৰ পৰা লীজত লৈছিল।
চুক্তি অনুসৰি মাটিৰ গৰাকীক চক্রটোৱে পানীমাৰা তিনি নম্বৰ শিলৰ কুৱেৰীৰ বাবদ প্ৰতি বছৰে দুবছৰৰ বাবে দুই লাখ ৪০ হেজাৰ টকা আৰু পিছৰ ১০ বছৰৰ বাবে বছৰি তিনি লাখ টকাকৈ আদায় দিব লাগে। অৱশ্যে পৰিৱেশগত কাৰণত পানীমাৰা এক আৰু দুই নম্বৰ শিলৰ মহল দুটাত শিল খনন কৰিব নোৱাৰিলে গান্ধী বাহিনীয়ে। তিনি নম্বৰ পানীমাৰা মহলটোত শিল খনন আৰম্ভ কৰে চক্ৰটোৱে।
অভিযোগ অনুসৰি, তিনি লাখ ঘনমিটাৰ শিলৰ ৰাজহ দি বিগত সাত বছৰত এই কুখ্যাত চক্রই ৭০ লাখৰো অধিক ঘনমিটাৰ শিল খনন কৰি সৰবৰাহ কৰে। ইয়াকে কৰিবলৈ লুণ্ঠনকাৰী চক্ৰটোৱে তিনি নম্বৰ পানীমাৰা শিলৰ মহলৰ ওচৰত কণিকা বংহাংপীৰ মাটিত শিলৰ বেৰ দি এটা প্রাকৃতিক জুৰিৰ পানী বৈ যোৱা বন্ধ কৰে। কেৱল সেয়াই নহয়, এই লুণ্ঠনকাৰী চক্রই পানীমাৰা দুই নম্বৰ শিলৰ মহলৰ তলৰ ফালে থকা আন এটা প্রাকৃতিক জুৰিৰেও পানী বৈ যাব নোৱাৰাকৈ শিলৰে দেৱাল বান্ধি দিয়ে। ফলত নামনি অংশত খৰালিত ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। এনেদৰে অঞ্চলটোত প্রকৃতি ধ্বংসতো এই কুখ্যাত বাহিনী নামি পৰিছে।
ইপিনে, ৰাজনৈতিক আশীর্বাদপুষ্ট গান্ধী বাহিনীয়ে উচ্চ প্রাবল্যৰ বিস্ফোৰকৰে শিলৰ মহলত বিস্ফোৰণ ঘটোৱাত সমগ্র অঞ্চলত ভূমিকম্প সদৃশ জোঁকাৰণিৰ সৃষ্টি হৈ আহিছে। এই জোঁকাৰণিত শিলৰ মহলৰ ওচৰ-পাঁজৰৰ বাসিন্দাসকলৰ ঘৰৰ মজিয়া আৰু বেৰতো সঘনে ফাট মেলে। বিশেষকৈ পানীমাৰা শিলৰ মহলৰ ওচৰতে অৱস্থিত চিলা টুঙৰী গাঁৱৰ অধিকাংশ লোকৰ পকীঘৰৰ বেৰ, মজিয়া আদিত শিলৰ মহলৰ বিস্ফোৰণে সৃষ্টি কৰা জোঁকাৰণিত ফাট মেলিছে। উল্লেখ্য যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ গাঁওখনৰ লোকসকলে প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ পাইছে। আৰএছ গান্ধীৰ প্রতাপত এনে ঘৰ-দুৱাৰৰ অৱস্থা বিধ্বস্ত হৈছে। উপায়হীন দৰিদ্ৰ লোকসকলে বিপজ্জনক অৱস্থাতে বাস কৰিব লগা হৈছে।
ইপিনে, কণিকা ৰংহাংপীৰ স্বামী চন্দন বৰাই দাবী কৰিছে যে উপযুক্ত তদন্ত হ’লে আৰএছ গান্ধী বাহিনীয়ে তিনি নম্বৰ পানীমাৰা শিলৰ মহলৰ জৰিয়তে কে’বাশ কোটি টকা লুণ্ঠন চলোৱাটো প্রতিপন্ন হ’ব। বৰাই অভিযোগ কৰা অনুসৰি, ২০২৩লৈকে চক্রটোৱে কমেও ডেৰশ কোটি টকা লুণ্ঠন কৰে। উক্ত বছৰলৈ প্ৰতি ঘনমিটাৰ শিলৰ ৰাজহৰ পৰিমাণ আছিল ২০৫ টকা। সেই হিচাপত উক্ত বছৰলৈ ৭০ লাখ ঘনমিটাৰ শিলৰ ৰাজহ ফাকি দি উক্ত চক্রই ডেৰশ কোটিৰো অধিক টকা লুণ্ঠন কৰে। বৰ্তমানে প্রতি ঘনমিটাৰ শিলৰ বিপৰীতে ৩১৫ টকা ৰাজহ ধাৰ্য কৰা আছে।






























