Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kherani Situation:খেৰণিৰ হিংসাত্মক পৰিস্থিতি ক্ৰমাৎ শান্ত !

পুৱা ৮ বজাৰ পৰা খেৰণিত আৰম্ভ পৰা সেনাৰ ফ্লেগ মাৰ্চ, ২৬ ডিচেম্বৰত ত্রিপাক্ষীক আলোচনাত প্ৰতিবাদকাৰী মিলিত হোৱাৰ সম্ভাৱনা, চৰকাৰ ,কেএএচি আৰু প্ৰতিবাদকাৰীৰ মাজত হ'ব আলোচনা 

publisher by publisher
December 24, 2025
in Assam, Crime
Reading Time: 1 min read
0
Kherani Situation:খেৰণিৰ হিংসাত্মক পৰিস্থিতি ক্ৰমাৎ শান্ত !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

 Karbianglong:প্ৰশিক্ষণ উৰণতেই বিপৰ্যয়! ভূপতিত যুদ্ধ বিমান

Kherani Situation:

পাহাৰীয়া ৰাজ্য পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনা আজি ক্ৰমাৎ শান্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৷ দুয়োখন জিলাত ইতিমধ্যে কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা। আনহাতে আজি পুৱা ৮ বজাৰ পৰা সেনাৰ ফ্লেগমাৰ্চ আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ৮ টা অসম আৰক্ষী বেটেলিয়ন আৰু ৫ টা অতিৰিক্ত চিআৰপিএফ কোম্পানী মোতায়ন কৰা হৈছে।

ADVERTISEMENT

আনহাতে আজি কোনো পক্ষই আৰম্ভ কৰা নাই প্ৰতিবাদ ৷ ইতিমধ্যে প্ৰশাসনৰ আমন্ত্ৰণক্ৰমে ২৬ ডিচেম্বৰত ত্রিপাক্ষীক আলোচনাত প্ৰতিবাদকাৰী মিলিত হোৱাৰ সম্ভাৱনা আছে ৷ চৰকাৰ,প্ৰতিবাদকাৰী আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মাজতে ত্রিপাক্ষীক আলোচনা হ’ব I

উল্লেখ্য যে আংলং জিলাৰ খেৰণিকে ধৰি বৃহত্তৰ অঞ্চলত সোমবাৰৰ পৰা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্রণত সম্পূর্ণৰূপে বিফল হৈছে অসম চৰকাৰ। আনকি সোমবাৰৰ সন্ধিয়াৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলঙত বাহৰ পাতি থকা আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ সম্মুখতে দোকান-ঘৰ লণ্ডভণ্ড কৰি অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। খেৰণিত পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত অব্যাহত থকা আন্দোলনৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ
পৰিণতিত সোমবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য (চিইএম) তুলিৰাম ৰংহাঙৰ ডংকামোকামৰ ঘৰ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়াৰ পাছত মঙলবাৰে পুনৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ গুলিচালনাত এজন লোক নিহত, কমেও তিনিজন আহত হোৱাৰ উপৰি আন এক ঘটনাত এজন যুৱক জীবন্তে অগ্নিদগ্ধ হোৱাৰ লগতে বহু সংখ্যক আৰক্ষী উত্তেজিত ৰাইজৰ আক্ৰমণত আহত হয়। আৰক্ষীৰ গুলিত আহত কার্বি লোকজন হৈছে লিনুছ ফাংচ’। আনহাতে অগ্নিদগ্ধ হৈ নিহত হোৱা যুৱকজন সৰোজ দে বুলি তেওঁৰ খুৰাক বকুল দেই সদৰী কৰে।

মঙলবাৰে পুৱাৰে পৰা খেৰণিৰ কপিলী নৈৰ দুয়োপাৰে দুটা পক্ষই যুদ্ধংদেহি ৰূপ লৈ অৱস্থান কৰে। এক যুদ্ধসদৃশ পৰিস্থিতিত হাতে হাতে লাঠি আদি লৈ এটা পক্ষই আন এটা পক্ষক ফেপেৰি পাতি ধৰাৰ দৰে পৰিৱেশ সৃষ্টি হোৱাই নহয়, আৰক্ষীৰ স’তেও একপ্ৰকাৰ সমুখ সমৰত লিপ্ত হয় ৰাইজ। পূব পাৰৰ মূলতঃ হিন্দী ভাষী শ শ লোকে হাতে হাতে লাঠি লৈ যোৱা নিশা বজাৰৰ দোকানসমূহ জ্বলাই দিয়াৰ প্ৰতিবাদ জনাই তীব্র উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নৈৰ আনটো পাৰে খিলঞ্জীয়া কাৰ্বি লোকসকলে লাঠি, জোং লৈ ৰণচণ্ডী মূর্তি ধাৰণ কৰে। জ্বলাই দিয়া দোকান পুনৰ নিৰ্মাণৰ দাবীৰ লগতে আৰক্ষীৰ বিৰুদ্ধে নিৰাপত্তা প্রদানত ব্যৰ্থতাৰ অভিযোগ কৰে হিন্দী ভাষী লোকসকলে। এনে ক্ষুব্ধ মহিলাই কয়, ‘তেওঁলোকে প্রতিবাৰে বিহাৰীক লক্ষ্য কৰি লয়। আমি কাজিয়া-পেচাল নিবিচাৰো। পিজিআৰ-ভিজিআৰ যদি হয় কাগজ দেখুৱাওক। আহি ভাঙি দিয়ক ঘৰ-দুৱাৰ।’ আন এজন যুৱক তথা মহিলাই কয়, ‘কালি তেওঁলোকে আমাক গালি-গালাজ কৰাৰ উপৰি আমাৰ ঘৰ জ্বলাই দিছে। থানাৰ সম্মুখতে আমাৰ ঘৰ জ্বলাই দিছে। এনে আৰক্ষী প্রশাসন আমাক নালাগে। এগৰাকী মহিলাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ কৰি কয় যে পিজিআৰ-ভিজিআৰ যদি তেওঁলোকে দখল কৰি আছে তেন্তে মুখ্যমন্ত্রীয়ে আহি ভাঙি দিব পাৰে। আৰক্ষীয়ে দুয়ো পক্ষক নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও পৰিস্থিতি অধিক জটিলতাৰ দিশলৈ গতি কৰে। আৰক্ষীয়ে দুয়োপক্ষক সমুখ সমৰত লিপ্ত হোৱাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলায়। ইপিনে, পৰিস্থিতি অধিক সংকটজনক হৈ পৰাত বৃহত্তৰ অঞ্চলত প্রশাসনে ইণ্টাৰনেট সেৱা কৰ্তন কৰে।

আৰক্ষীৰ গুলিচালনাত নিহত হয় আর্থিক টিমুং নামৰ যুৱকজন। আনহাতে টিমথি টিমুং নামৰ এজন যুৱকসহ আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। দুয়ো হাস্পতালত চিকিৎসাধীন হৈ আছে। মঙলবাৰেআৰক্ষী প্ৰশাসনৰ নিষেধাজ্ঞা উপেক্ষা কৰি দুয়োপক্ষই যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি এটা পক্ষই আনটো পক্ষক শিল, ইটা আদি দলিয়ায়। আনহাতে একাংশই আৰক্ষীক আক্ৰমণ কৰে। আৰক্ষীৰ লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপেও ক্ষুব্ধ ৰাইজক ক্ষান্ত কৰিব পৰা নাছিল।

সোমবাৰৰ দোকান আৰু ঘৰত অগ্নিসংযোগ কৰা হিন্দী ভাষী লোকসকলৰ পুৰুষ-মহিলা, কন্যা সমন্বিতে কালিৰ হিংসাত্মক ঘটনাৰ তীব্র প্রতিবাদ কৰে। একেদৰে উচ্ছেদৰ দাবীত আন্দোলন অব্যাহত ৰখা কাৰ্বি ৰাইজে খেৰণি বজাৰ অঞ্চলত সমৱেত হয়। দুয়োপক্ষই চৰম উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি কৰে, আৰক্ষীলৈ শিল, ইটা আদি নিক্ষেপ কৰে। এই ঘটনাতে বহু লোক আহত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰা বুলি আৰক্ষীয়ে দাবী কৰিলেও পশ্চিম কার্বি আংলঙৰ খেৰণিত এতিয়াও অব্যাহত থকা চেপা উত্তেজনাত ৰাইজ আতংকিত হৈ আছে। ঘটনাৰ বিৱৰণি অনুসৰি খেৰণিৰ দৈনিক বজাৰত অচিনাক্ত একাংশ পথ অৱৰোধকাৰীয়ে ব্যৱসায় প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে প্ৰতিষ্ঠানৰ ভিতৰৰ পৰা সা-সামগ্ৰীসমূহ ৰাস্তালৈ দলিয়াই জ্বলাই দিয়ে। কাপোৰ, ম’বাইল, গেলামালৰ দোকানকে ধৰি এফালৰ পৰা দোকান-পোহাৰ ধ্বংস কৰে একাংশই। একাংশই দোকানৰ বয়-বস্তু লুটপাট কৰা বুলিও অভিযোগ উঠিছে।

উল্লেখ্য যে মঙলবাৰে পুৱতি নিশা খেৰণিৰ ফেলাংপিৰ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে লৈ যোৱা সাতজন প্রতিবাদকাৰীক যোৱা নিশা প্রায় এক বজাত পুনৰ প্রতিবাদস্থলীত থৈ যায় আৰক্ষীয়ে। ইয়াৰ পাছত দিনৰ ভাগত প্ৰতিবাদকাৰী আৰু ৰাইজৰ স’তে মন্ত্ৰী ৰণোজ পেগু, জিলা উপায়ুক্ত, কার্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি দলে আলোচনাত মিলিত হয়। চলিত মাহতে এক ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি আলোচনাত কোৱা হয়। মন্ত্ৰী ৰণোজ পেগুৱে ৰাইজক এক ইতিবাচক ফলাফলৰ আশ্বাস দিয়ে। সমান্তৰালভাৱে খেৰণিত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত উপস্থিত থাকে আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিং। আলোচনাৰ অন্তত দিনৰ ভাগত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলিও প্রকাশ কৰে। অৱশ্যে আলোচনাস্থলীৰ পৰা মন্ত্ৰী পেগুৰ প্ৰস্থানৰ পাছতে কপিলী নৈৰ সিপাৰত অৰ্থাৎ পূব দিশৰ পিজিআৰ-ভিজিআৰ ভূমি সম্বলিত থকা খেৰণি ঘাটত বৃহৎ সংখ্যক লোকে হাতে হাতে লাঠি আৰু ৰ[‘ড লৈ তীব্র উত্তেজনা আৰু সৃষ্টি কৰে।

তেওঁলোকে ন্যায়ৰ দাবী উত্থাপন কৰে আৰু প্ৰশ্ন উত্থাপন কৰে যে কিহৰ বাবে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। কালি কিহৰ বাবে তেওঁলোকৰ দোকান-পোহাৰ জ্বলাই দিয়া হ’ল বুলিও মূলতঃ হিন্দী ভাষী এই লোকসকলে প্রশ্ন উত্থাপন কৰি আৰক্ষীৰ বিৰুদ্ধেও তীব্র ক্ষোভ প্রকাশ কৰে।

বাৰে বাৰে বিহাৰী লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি ক্ষুব্ধ মহিলাই অভিযোগ কৰি ৰণচণ্ডী ৰূপ ধাৰণ কৰে। প্ৰকৃতাৰ্থত যদি পিজিআৰ-ভিজিআৰ ভূমিত হয় তেন্তে উচ্ছেদ কৰিবলৈ প্ৰত্যাহ্বান জনায় ক্ষুব্ধ লোকসকলে। পিজিআৰ ভূমিত বসবাস কৰা এই লোকসকলে তেওঁলোকক আতিশয্য চলোৱা হৈছে বুলি উল্লেখ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। উল্লেখ্য যে এই বৃহৎ অঞ্চলটোত মাত্র এখনেই কার্বি গাঁও আছে আৰু গাঁওখনৰ বাসিন্দাসকলে উদ্ভৱ হোৱা পৰিস্থিতিত আতংকিত হৈ ঘৰৰ বাহিৰলৈ ওলাই অহা নাছিল বুলিও তথ্য প্রকাশ হৈছে। এই গাঁওখনৰ নাম হৈছে দিখৰেখ। হিন্দীভাষী লোকসকলে অধিক উত্তেজিত হৈ পৰিস্থিতি ক্রমশঃ উত্তপ্ত কৰি তোলে। আৰক্ষীয়ে বুজনি দিবলৈ চেষ্টা চলায় যদিও এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

উত্তেজিত লোকসকলে আৰক্ষীক আক্রমণ কৰে, শিল দলিয়ায়। তীব্র উত্তেজনা পৰিস্থিতিত আৰক্ষীয়ে লাঠিচালনা কৰে, কন্দুৱা গেছ প্রয়োগ কৰে আৰু শূন্যলৈ গুলিচালনা কৰে। এই ঘটনাত প্রতিবাদকাৰীসকলে ছত্রভংগ দিয়াত পৰিস্থিতি কিছু শাম কাটে যদিও ইয়াৰ প্ৰায় ডেৰ-দুই ঘণ্টাৰ পাছতে কপিলী নৈৰ পশ্চিম দিশত অৰ্থাৎ খেৰণি বজাৰৰ দিশত কার্বি অধ্যুষিত অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰে। সকলোৰে হাতে হাতে আছিল এই স্থানতো লাঠি, জোং, ৰড আদি। উত্তেজিত লোকসকলে একগোট হৈ এফালৰ পৰা দোকান-পোহাৰ ভাঙি লণ্ডভণ্ড কৰে। দিনৰ প্ৰায় আঢ়ৈ বজাৰ পৰা এই উত্তপ্ত পৰিস্থিতিৰ আৰম্ভণি হয় আৰু সন্ধিয়ালৈ চৰম উত্তেজনা বিয়পে। খেৰণিৰ দৈনিক বজাৰত এখনৰ পাছত আনখন দোকান ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত লোকসকলে। দোকানৰ সা-সামগ্ৰী বাহিৰলৈ দলিয়াই পেলায়।

এই স্থানত ডিজিপি হৰমিত সিঙে নিজে উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। তেওঁ উত্তেজিত লোকসকলক বুজনি দিবলৈও চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকল নিজ স্থিতিত অটল থাকে। আৰক্ষীৰ বাধাই সামান্যও লৰচৰ কৰিব পৰা নাছিল ক্ষুব্ধ কাৰ্বি ৰাইজক। ইয়াৰ পাছতে উত্তেজিত লোকসকলে দোকান-পোহাৰত অগ্নিসংযোগ কৰিবলৈ আৰম্ভ কৰে। দৈনিক বজাৰৰ প্ৰথমতে ২০ খনৰো অধিক দোকান লণ্ডভণ্ড কৰা হয় আৰু অগ্নিসংযোগৰ ঘটনাই তীব্র ৰূপ লোৱাত যিসমূহ দোকানৰ লগতে পৰিয়ালেও বাস কৰিছিল সেইসকলে প্ৰাণৰ ভয়ত যেনিয়ে তেনিয়ে পলায়ন কৰে। আৰক্ষী সঞ্চালক প্রধানৰ চকুৰ সম্মুখতে প্রকাণ্ড জুয়ে অঞ্চল ঘেৰি ধৰে।

উল্লেখ্য যে বজাৰত কমেও ৬০-৭০ খন দোকান থকা বুলি স্থানীয় ৰাইজে তথ্য প্ৰকাশ কৰাৰ লগতে কয় যে পৰিয়ালসহ দোকানৰ পাছফালে বসবাস কৰা পৰিয়ালৰ সংখ্যা ১০ৰ পৰা ২০ ঘৰ হ’ব। এই পৰিস্থিতিত আৰক্ষীয়ে দিনটোৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে লাঠিচালনা কৰে, কন্দুৱা গেছ প্রয়োগ কৰে আৰু গুলিচালনা কৰে। এই সময়তে আৰক্ষীৰ গুলিত নিহত হয় ফাংচ’ নামৰ যুৱকজন। এই ঘটনাত টিমথি টিমুং নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ লগতে সামান্যভাৱে আহত হোৱা তৃতীয়জন যুৱকৰ নাম অৱশ্যে নিশা পর্যন্ত উদ্ধাৰ হোৱা নাই। একাংশ স্থানীয় ৰাইজে কয় যে আৰক্ষীৰ গুলিচালনা, উত্তপ্ত পৰিস্থিতিৰ মাজতে দুষ্কৃতিকাৰীয়ে আহি সন্ধিয়াৰ সময়ত দোকান-পোহাৰ আৰু পৰিয়ালসহ বাস কৰা দোকানসমূহত অগ্নিসংযোগ কৰে। এই ঘটনাত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ২০ খনতকৈ অধিক দোকান আৰু কাষতে লাগি থকা ঘৰ-দুৱাৰো অগ্নিদগ্ধ হয়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণত ব্যর্থ হোৱা বুলি অভিযোগ উঠিছে।  ডিজিপিৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে খেৰণি বজাৰ জ্বলাই দিয়াক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত থকা হৰমিত সিঙে প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এনে ঘটনাই পৰিস্থিতি সমাধান কৰিব নোৱাৰিলে। ঘটনাত কমেও ৩৮ জন আৰক্ষী নিহত হোৱা বুলি তেওঁ সদৰী কৰি কয় যে এই পৰিস্থিতি অব্যাহত থাকিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব। আইন হাতত তুলি নল’বলৈ তেওঁ ৰাইজক আহ্বান জনায়। ইপিনে, কাৰ্বি আংলঙৰ এএছপি ফাইজ উদ্দিন বৰভূঁঞাক বদলি কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian Army Flag Marchkarbianglongkherani violence
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’
Assam

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

October 11, 2026
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d