AI Robot football: ক্রিস্টিয়ানো ৰ’ণাল্ডো বা লিয়নেল মেছি নহয়, দৰ্শকৰ মন আকৰ্ষণৰ চেষ্টা কৰিলে কৃত্রিম বুদ্ধিমত্তা সংযুক্ত ফুটবলাৰে। এয়া কোনো চলচ্চিত্ৰৰ কাহিনী নহয়। বাস্তৱতে কৃত্রিম বুদ্ধিমত্তা (এআই) যুক্ত ৰবটৰ এখন প্রতিযোগিতা আয়োজন কৰিলে চীনে। আন্তর্জাতিক ফুটবলত মুঠেই প্রভাৱহীন কমিউনিষ্ট দেশখনে বিশ্ববাসীক ভেল্কী দিয়াৰ উদ্দেশ্যে এই ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা বুলি চর্চা হৈছে।
বেইজিঙত অনুষ্ঠিত এই ফুটবল প্রতিযোগিতাত চাৰিটা দলে অংশগ্ৰহণ কৰে। খেলপথাৰত মনুষ্যৰূপী ৰবটে ভৰিৰ যাদু দেখুৱালে। এই কৃত্রিম ফুটবলাৰসকল দেখিবলৈ মানুহৰ দৰে। সম্পূৰ্ণ স্বয়ংক্রিয় এই ৰবট ফুটবলাৰসকলক নিয়ন্ত্ৰণ কৰে ইবোৰৰ গাত সংলগ্ন কৃত্রিম বুদ্ধিমত্তাই।
এই প্রতিযোগিতাৰ শেহতিয়াকৈ চূড়ান্ত খেল অনুষ্ঠিত হয়। খেলপথাৰত মানুহৰ দৰে ৰবট ফুটবলাৰে ভৰিৰ যাদু দেখুৱায়। খেলখনত মুঠতে আঠটা গ’ল হয়। এটা পক্ষই পাঁচটা আৰু আনটো পক্ষই তিনিটা গ’ল দিয়ে।
মানুহৰ প্রত্যক্ষ নিয়ন্ত্রণ অবিহনে এই মনুষ্যৰূপী (হিউমেনয়ড) ৰবটসমূহে ফুটবল খেল প্রদর্শন কৰে। ইপিনে, অহা আগষ্টত বেইজিঙত ৱৰ্ল্ড হিউমেনয়ড গেমছ (বিশ্ব মনুষ্যৰূপী ৰবটৰ ক্ৰীড়া) অনুষ্ঠিত হোৱাৰ কথা। আয়োজকৰ মতে, অহা ১৫-১৭আগষ্টত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্রতিযোগিতাত ১১ খন ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
এই তালিকাত দৌৰ, জিমনাষ্টিক, ফুটবল আদিও আছে। ইয়াৰ পূর্বে কমিউনিষ্ট দেশখনে স্বয়ংক্রিয় ৰবটৰ ফুটবল প্রতিযোগিতা আয়োজন কৰি বিশ্বক চমক দিলে। ‘ৰবট লীগ’ শীর্ষক এই প্রতিযোগিতাৰ আয়োজকৰ মতে প্রতিযোগিতাখনৰ সবাতোকৈ গুরুত্বপূর্ণ দিশটো হ’ল যে মানুহৰ কোনো হস্তক্ষেপ নোহোৱাকৈ এই প্রতিযোগিতা সম্পন্ন কৰা হয়। প্রতিটো প্রতিযোগিতাত অংশগ্রহণ কৰোৱা প্ৰতিটো ৰবটকে নিয়ন্ত্রণ কৰে কৃত্রিম বুদ্ধিমত্তাই।
এই ৰবটসমূহক উন্নতমানৰ ভিজুৱেল চেন্সৰ ৰখা হয়। ইয়াৰ জৰিয়তে ৰবটসমূহে বল চিহ্নিত কৰাৰ লগতে মানব খেলুৱৈৰ দৰে ‘পাছ’ কৰে। কোনজন খেলুৱৈলৈ বল পাছ কৰিব তাৰ সিদ্ধান্ত এই ৰবটসমূহে স্বয়ংক্রিয়ভাবে লয়। খেলি থকাৰ সময়ত খেলপথাৰত বাগৰি পৰা ৰবট ফুটবলাৰে কাৰোৰে সহায় নোলোৱাকৈ নিজে উঠি পুনৰ বলৰ পিছ লয়।
অৱশ্যে খেল চলি থকাৰ সময়ত বাগৰি পৰা কে’বাটাও ৰবটক ষ্ট্ৰেচাৰত তুলি খেলপথাৰৰ বাহিৰলৈ লৈ অনা হয়। ইপিনে, মনুষ্য সদৃশ ৰবট ফুটবলাৰ তৈয়াৰকাৰী প্রতিষ্ঠান বুষ্টাৰ ৰবটিক্সৰ মুৰব্বী ছেং হাওয়েৰ মতে, এনে ধৰণৰ প্রতিযোগিতাসমূহ মনুষ্য সদৃশ ৰবটসমূহৰ ক্ষমতা পৰীক্ষাৰ আদর্শ মঞ্চ হ’ব পাৰে।
তেওঁৰ প্রতিষ্ঠানে মানুহৰ স’তে ফুটবল খেলিব পৰা ৰবট তৈয়াৰ কৰাৰ লক্ষ্য লৈছে বুলিও হাওয়ে জনায়। আনহাতে, চীংন মনুষ্য সদৃশ কৃত্রিম বুদ্ধিমত্তাচালিত ৰবট ফুটবলাৰ তৈয়াৰ কৰাৰ খবৰে চিন্তাত পেলাইছে টেছলাৰ মুৰব্বী এলন মাস্কক। কাৰণ তেওঁৰ সংস্থায়ো কৃত্রিম বুদ্ধিমত্তাসম্পন্ন ৰবট তৈয়াৰ কৰে।
মাস্কৰ প্রতিষ্ঠানৰ হিউমেনয়ড ৰবট ‘অপ্টিমাছ’ সমগ্র বিশ্বতে পৰিচিত। শেহতীয়াভাবে চীনে এনে ৰবট তৈয়াৰ কৰাত টেছলাই এই ক্ষেত্ৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰি থাকিবলৈ সক্ষম হ’ব নে নহয়, তাক লৈ মাস্ক চিন্তাত পৰিছে।






























