Bongaigaon:
অসম উন্নতি সভা, বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বঙাইগাঁও জেলকাঝৰ জে বি হাইস্কুলত অহা ১ জুলাই পৰা ২১ জুলাইলৈ নৱম আৰু দশম শ্রেণী বাবে বিনামূলীয়া পাঠদানৰ আয়োজন কৰা হৈছে বুলি সংবাদমেলত জনায় অসম উন্নতি সভা, বঙাইগাঁও জিলা সমিতিয়ে।
ADVERTISEMENT
সংবাদ মেলত অসম উন্নতি সভাৰ বঙাইগাঁও জিলা সভাপতি অজিত কুমাৰ দাস, সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ শৰ্মা, উপদেষ্টা ডক্টৰ ৰাণু ৰায়, বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডিংকুমনি ৰায়ৰ লগতে জিলা উন্নতি সভাৰ তথা বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।






























