Nalbari bakarikuchi Eviction:
গোৱালপাৰাৰ হাছিলা বিলত চলোৱা ব্যাপক উচ্ছেদ অভিযানৰ পিছত এইবাৰ প্ৰশাসনৰ বুলড’জাৰ চলিল অবৈধভাৱে দখল কৰা বৰক্ষেত্ৰীৰ বাকৰিকুছিৰ ভূমিত ৷ নলবাৰীৰ বাকৰিকুছিত জিলাপ্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হয় আজি পুৱাৰে পৰা । ১৪৫২ বিঘা ভূমিত অবৈধ দখল উচ্ছেদ বাবে পুৱাৰে পৰা অবৈধভাৱে দখল কৰা ৯৩টা ঘৰত ইতিমধ্যে চলিল প্ৰশাসনৰ বুলড’জাৰ ৷
আনহাতে উচ্ছেদৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও ইতিমধ্যে ঘটনাস্থলীত উপস্থিত থকা কে’বা শতাধিক আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে বাধাৰোপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
আনহাতে জিলা প্ৰশাসনে অবৈধ দখল উচ্ছেদ সম্পূৰ্ণ নকৰালৈকে এই অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে ৷ আনহাতে একাংশ লোকে নিজেই ঘৰৰ সা- সামগ্ৰী লৈ আঁতৰি গৈছে সেই স্থানৰ পৰা ৷
