GST fraud:
জিএছটি জালিয়াতিৰো কেন্দ্ৰ অসম
দেশৰ বহু ৰাজ্যৰ ব্যৱসায়ী-ব্যৱসায়িক প্রতিষ্ঠানক কৰ ফাকিত সহযোগ কৰিছে অসমৰ প্রতিষ্ঠানে, সংগঠিত ৰূপত চলিছে জিএছটি ফাকিৰ ‘কাৰখানা’
;অসমত সংগঠিত ৰূপত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ফাকি দিয়াৰ বৃহৎ অনিয়ম অব্যাহত আছে। ৰাজ্যিক জিএছটি বিভাগ ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সক্রিয় হ’বলৈ বাধ্য হৈছে। এই পর্যন্ত উদ্ধাৰ হোৱা তথ্যৰ ভিত্তিত মাত্র দুই-তিনি বছৰৰ ভিতৰতে অসমত শ শ কোটি টকাৰ জিএছটি ফাকি দিয়া হৈছে।
এই কেলেংকাৰি বৃহৎ পৰিসৰত সংগঠিত ৰূপত চলি অহা বুলি এই কাৰণেই উল্লেখ কৰা হৈছে যে কৰ ফাকি দিব পৰাকৈ যি ধৰণৰ জালিয়াতি কৰা হয়, তাৰ বাবে নথিপত্ৰ প্ৰস্তুত কৰাত বিভিন্ন চক্র সংযুক্ত হৈ আছে। অসমৰ এনে দুষ্টচক্রই দেশৰ আন বাজ্যব ব্যবসায়ীকো এনে ধৰণৰ জালিয়াতিৰ আশ্রয় ল’ব পৰাকৈ সহায়-সহযোগিতা কৰি আহিছে। জিএছটি বিভাগৰ তথ্য অনুসৰি, অসমত বৃহৎসংখ্যক জাল জিএছটি ফার্ম সক্রিয় হৈ আহিছে।
তেনে কমেও ৩৫০ খন ফাৰ্মৰ তথ্য নিশ্চিত কৰা হৈছে আৰু সেইবোৰৰ বিৰুদ্ধে নিয়ম অনুসৰি ব্যৱস্থাও লৈছে ৰাজ্যিক জিএছটি বিভাগে। এই ফার্মবোৰ মুখ্য কাম হ’ল জাল ৰছিদ প্ৰস্তুত কৰা। এনে ৰছিদ দাখিলৰে সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিবলগীয়া প্রতিষ্ঠানে নিজে প্রকৃততে পৰিশোধ কৰিবলগীয়া কৰৰ তুলনাত যথেষ্ট কম পৰিমাণেহে আদায় দিয়ে। যোৱা এমাহৰ ভিতৰতে ৰাজ্যিক জিএছটি বিভাগে তেনে জালিয়াতিৰ আশ্রয় লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত ফাঁকি দিয়া কৰৰ পৰিমাণ এশ কোটিৰ ওচৰা-উচৰি বুলি নিশ্চিত কৰিছে।
এতিয়াও তেনে জালিয়াতিৰ আশ্রয় লোৱা ব্যৱসায়ী তথা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাবলৈ বাকী আছে আৰু সেইবোৰক ধৰিলে বহু শ কোটিটকীয়া কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাটো নিশ্চিত বুলি ৰাজ্যিক জিএছটি সূত্রই সদৰী কৰে।
ৰাজ্যিক জিএছটি বিভাগে অলপতে গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা বৰুণ গোৱেল নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। এই ব্যৱসায়ীজনে কমেও ১০ কোটি টকা ৰাজ্যিক জিএছটি ফাকি দিয়াৰ তথ্য নিশ্চিত কৰা হৈছে। গোৱেলে নিজৰ লগতে আন বহু ব্যৱসায়ীক এনে জালিয়াতি কৰাত সহযোগিতা কৰি আহিছিল। কিদৰে চৰকাৰৰ ৰাজকোষত মাধমাৰ শোধাই জিএছটি ফাকি দিব পাৰি তাৰ কলা-কৌশল তেওঁ আয়ত্ত কৰি লৈছিল।
সেই অনুসৰি, জিএছটি ফাকি দিব পৰাকৈ জাল ৰছিদ প্ৰস্তুত কৰাত সিদ্ধহস্ত আছিল বৰুণ গোৱেল। গোৱেলে অসমৰ উপৰি বহিঃৰাজ্যৰো একাংশ ব্যৱসায়ীক এনে জালিয়াতিত সহায় কৰি আহিছে। এই ব্যৱসায়ীজনৰ পৰা ৰাজ্যিক জিএছটি বিভাগে চৰকাৰৰ ৰাজকোষত মাধমাৰ শোধোৱা আন বহুতৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেনে জালিয়াতিৰে আঁত ধৰি শিলচৰৰ ‘খুচি ডিজিটেল প্রাইভেট লিমিটেড’ নামৰ এটা প্ৰতিষ্ঠানৰ সঞ্চালক ইশ্বাক আহমেদক গ্রেপ্তাৰ কৰে। আহমেদে কমেও ২৫ কোটি টকা কৰ ফাকি দিয়াটো ৰাজ্যিক জিএছটি বিভাগে নিশ্চিত কৰিছে।
আহমেদেও জাল নথিৰে জিএছটি ফাকি দিয়াত বহু ব্যৱসায়ীক সহযোগিতা কৰিছিল। তেনে জাল ৰছিদ তৈয়াৰ কৰাৰ সকলো আন্তঃগাঁথনি গঢ়ি তুলিছিল ধৃত আহমেদে। এই ধৰণৰ জাল নথি যোগান ধৰা কে’বাটাও চক্রই সম্মিলিতভাবে এনে কাম কৰি আহিছে। এক বৃহৎ নেটৱৰ্কৰ জৰিয়তে সেইসকল সংযোজিত হৈ আছে। এই নেটৱৰ্কত আছে বহু বৃহৎ ব্যৱসায়ী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। সামগ্রিকভাৱে গোটেই কেলেংকাৰিটোৰ সন্দৰ্ভত ৰাজ্যিক জিএছটি বিভাগৰ শীৰ্ষ বিষয়াৰ সূত্ৰই মন্তব্য কৰে যে কেৱল অসমৰে নহয়, দেশৰ কে’বাখনো ৰাজ্যৰ বহু ব্যৱসায়ী ইয়াত সংযোজিত হৈ আছে।
একপ্ৰকাৰ অসমক জিএছটি ফাকি দিয়াৰ অভিকেন্দ্ৰৰূপেও গণ্য কৰি আহিছে বিভিন্ন ৰাজ্যৰ বহু ব্যৱসায়ীয়ে। তাৰেই ফলশ্রুতিত শশ ভুৱা ফার্ম গঢ়ি উঠিছে। এনে বৃহৎ সংখ্যক ফার্মে কিমান ব্যৱসায়ীক কৰ ফাকি দিবলৈ সহযোগিতা আগবঢ়াইছে, তাৰ হিচাপ নাই। তেনে কিছুসংখ্যক ব্যৱসায়ী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ তথ্যহে ৰাজ্যিক জিএছটি বিভাগে এই পর্যন্ত উদ্ধাৰ কৰিছে।






























