GST evasion:
গুৱাহাটীৰ বহুল পৰিচিত মিঠাইৰ বিপণী গোৱিন্দম ছুইটছৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ ফাকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ ভিত্তিতে সোমবাৰে ৰাজ্যিক জিএছটি বিভাগৰ এটা দলে বিয়লি দিছপুৰৰ সমীপৰ ডাউন টাউন হাস্পতালৰ বিপৰীতে স্থিত বিপণীখনত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।
একে সময়তে ভঙাগড়ত থকা ৰাধিকা চুইটচ নামৰ বিপণীখনতো জিএছটি বিভাগৰ আন এটা দলে তালাচী চলায়। দুয়োখন মিঠাইৰ বিপণীৰ স্বত্বাধিকাৰী একেজন হোৱা বাবেই এনেদৰে সমান্তৰাল অভিযান চলোৱা হয়। নিশাৰ ভাগলৈ জিএছটি বিভাগৰ দলৰ তালাচী অভিযান অব্যাহত ৰাখে । অভিযোগ অনুসৰি গুৱাহাটীৰ বজাৰৰ আগশাৰীৰ মিঠাইৰ বিপণী গোবিন্দমকে মুখ্য কৰি দুয়োখন দোকানৰ জৰিয়তে বিগত তিনি তিনিবছৰত কমেও এক কোটি টকাৰ ৰাজ্যিক জিএছটি ফাকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।






























